ৰঙিয়া, ২১ অক্টোবৰঃ মধ্য ৰঙিয়া দুৰ্গা পূজা সমিতিৰ উদ্যোগত ষ্টেডিয়াম কলনিত ২৩ অক্টোবৰত সদৌ অসম ভিত্তিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শ্ৰেষ্ঠ বিবেচিত প্ৰথম তিনিগৰাকী নৃত্য প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰিব। প্ৰথম তিনিগৰাকী বিজয়ী প্ৰতিযোগিতাক ক্ৰমে ৫,০০১ টকা , ৩,০০১ টকা আৰু ১,০০১ টকাৰে পুৰস্কৃত কৰা হ’ব । ইচ্ছুক প্ৰতিযোগীসকলক সম্পাদক অভিজিৎ কলিতাৰ লগত ৭০০২৫০৯৮৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।