ৰঙিয়া, ১৬ এপ্ৰিলঃ ৰঙিয়াৰ বালাগাঁৱত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাই কৰুণ মৃত্যুক সাৱতি লোৱাৰ লগতে এটি শিশু গুৰুতৰ ভাবে আহত হয়৷ মৃত মহিলাগৰাকী ৰঙিয়াৰ ইছলামপুৰৰ মৰ্জিনা বেগম (২২) আৰু শিশুটো মহিলাগৰাকীৰ সন্তান ৰফিকা বেগম (৩) বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত তথ্য অনুহৰি, ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত এখন দ্ৰুতবেগী ইয়নৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাত পথৰ কাষেৰে শিশুটোৰ সৈতে যোৱা মহিলাগৰাকীক খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ খুন্দাত মহিলাগৰাকী কাষৰে গছ এজোপাৰ ডালত চিটিকি পৰে৷ দুৰ্ঘটনাত মহিলাগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু শিশুটো গুৰুতৰ ভাবে আহত হয়৷ নীলা ৰঙৰ দ্ৰুতবেগী ইয়নৰ চালকে দুৰ্ঘটনাটো সংঘটিত কৰি নলবাৰীৰ অভিমুখে পলায়ন কৰে৷ স্থানীয় লোকে আহত শিশুটোক সংকটজনক অৱস্থাত ৰঙিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণত ৰঙালীৰ আনন্দ-উল্লাসত মত্ত হৈ ইয়নখনৰ চালকে গাড়ী চলোৱা ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় বাসিন্দাই ক্ষোভ প্ৰকাশ কৰে৷