খাৰুপেটীয়া, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰী: ইতিহাসৰ কলা অধ্যায় হিচাপে চিহ্নিত হোৱা ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী দিনটোত বিদেশী খেদা আন্দোলনৰ নামত হত্যা কৰা হৈছিল কেইবা সহশ্ৰাধিক লোকক। তেতিয়াৰ নগাঁও জিলাৰ (বৰ্তমানৰ মৰিগাঁও জিলাৰ) নেলী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ নিৰীহ সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ, মহিলা, শিশু, বৃদ্ধাক নিৰ্বিচাৰে দিনৰ পোহৰত হত্যা কৰি অসমৰ ইতিহাস কলংকিত কৰিছিল। আমছু আৰু অসমৰ সংখ্যালঘু ৰাইজৰ দাবীত তদানীন্তন ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনা তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তিৱাৰী আয়োগ গঠন কৰি দিছিল। উক্ত নাৰকীয় হত্যাকাণ্ডৰ প্ৰতিবাদত তথা দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা, তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা, দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা আদিৰ দাবীত আমছুৱে ধাৰাবাহিক ভাৱে আন্দোলন কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ প্ৰতুত্তৰ নোপোৱাৰ বাবে সোমবাৰে সমগ্ৰ অসমৰ লগতে দৰং জিলা আমছুৰ উদ্যোগত কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, দৰং জিলাৰ সভাপতি আলেপ উদ্দিন, সাধাৰণ সম্পাদকদ্বয় মাহবুবুল আলম আবুল কালাম আজাদ আৰু প্ৰায় দুই শতাধিক আমছুৰ কৰ্মীয়ে ক’লা বেজ পৰিধান কৰি দৰং জিলাৰ আমছুৰ মূখ্য কাৰ্যালয়ত দিনৰ ১০ বজাত প্ৰতিবাদ সাব্যস্ত কৰে।
![](https://sangbad365.com/wp-content/uploads/2019/02/IMG-20190218-WA0007.jpg)