গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টৰ উদ্যোগত আৰু গুৱাহাটী চিটী এফ চিৰ সহযোগত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত চলি থকা অসমৰ সৰ্বপ্ৰথম বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দেওবাৰে ষষ্ঠ মেচ ডে’ত মুঠ ৬৮টা দলে প্ৰতিদ্বন্দ্ব্বিতা কৰে ৷ পাঁচোটা বয়স গোটত ৬০০তকৈ অধিক ফুটবলাৰে ৩৭খন মেচত প্ৰতিদ্বন্দ্ব্বিতা কৰে য’ত মুঠ ৯৭টা গ’ল স্ক’ৰ হয়৷ মেচসমূহৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা জোৱানসকলৰ প্ৰতি খেলুৱৈসকলে গভীৰ শ্ৰদ্ধা নিবেদন কৰে ৷ ছমাহ ধৰি চলিব লগা এই লীগ অসম ফুটবল এছ’চিয়েছন আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে সহযোগ আগবঢ়োৱা আৰু ডেকাথল্‌ন, চেম্পিয়ন্স ফুড ক’ৰ্ট, ছানভেলী হাস্পতাল আৰু ইগুৱা পেকেজ্‌ড ড্ৰিংকিং ৱাটাৰৰ পৃষ্ঠপোষকতাত চলি আছে ৷