সৰভোগ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক-১৬ বাতিলৰ দাবীত শুকুৰবাৰে আবেলি ৪ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টিৰ ৰাজপথত নিখিল ভাৰত কৃষক সভাই অনুষ্ঠিত কৰে এক বিশাল প্ৰতিবাদী সমদল৷ প্ৰতিবাদী সমদলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ বিত্ত মন্ত্ৰী হুচিয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস হুচিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। এই সমদলত উপস্থিত থাকে বিশিষ্ট বাঁওপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাস চিপিআই(এম)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ কমল বৰ্মন সহ ২ শতাধিক প্ৰতিবাদকাৰী৷
