বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৮জানুৱাৰী: ৰাজ্যত দৈনিক বৃদ্ধি পাই আহিছে ধৰ্ষণ-বলাৎকাৰৰ নিচিনা জঘন্য ঘটনা। বৰ্তমান সমাজ খনত এগৰাকী নাৰী, যুৱতী, কিশোৰী মুঠেও সুৰক্ষিত নহয়। এতিয়াও যে আমাৰ সমাজ খনত এগৰাকী কিশোৰীয়ে সুৰক্ষিত নহয় সেই কথা প্ৰমাণিত কৰিলে বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত গুইয়া গাৱত। মানৱ সমাজত পুনৰ ভূ লুন্ঠিত হ’ল মানৱীয়তা। এগৰাকী দহ বছৰীয়া কিশোৰী কামনাৰ বলি হ’ল এক নৰ পিশাচৰ ।গুইয়া গাৱৰে ৰতন দাস নামৰ লম্পটজনে কিশোৰী গৰাকী খেলি থকা অৱস্থাত ফুচলাই তাৰ বাৰীৰ ফালে লৈ গৈ উপৰ্যুপৰি ধৰ্ষণ কৰে। ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে কমলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। সেই গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষীয়ে তদন্ত চলাই ৰতন দাস নামৰ নৰপিশাচক আটক কৰিবলৈ সক্ষম হয় ।