গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। ইস্তাহাৰ মুকলি কৰি তেওঁলোকে কয় যে নিৰ্বাচন সমাগত । এতিয়া টকা,সাম্প্ৰদায়িক ভিত্তিত প্ৰচাৰ আৰু প্ৰলোভনৰ ৰাজনীতি আৰম্ভ হৈছে। দুৰ্নীতিগ্ৰস্ত নেতা কিছুমানে দালালৰ জৰিয়তে সহজ-সৰল জনতাৰ মন জয় কৰাৰ চেষ্টা কৰিব।

অভাৱ -অনাটনৰ মাজত কোনো গণতন্ত্ৰ জীয়াই থাকিব নোৱাৰে। ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই ভাৰতবৰ্ষক এটা সাৰ্বভৌম সমাজতান্ত্ৰিক,ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক দল হিচাপে গঢ়ি তুলিবলৈ অহৰহ চেষ্টা কৰি আহিছে। দেশৰ হকে সামাজিক,অৰ্থনৈতিক,ৰাজনৈতিক বিচাৰ পাৰ্টিৰ লক্ষ্য।

ইস্তাহাৰত তেওঁলোকে উল্লেখ কৰে যে পাৰ্টিয়ে ধৰ্মনিৰপেক্ষ সংসদীয় গণতান্ত্ৰিক অধিকাৰক সমৰ্থন দিব। পাৰ্টিয়ে জনসমাজৰ প্ৰয়োজনক অৱজ্ঞা কৰি ৰাজ্যৰ ক্ষতি হোৱাকৈ কোনো কাম নকৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

নতুন অৰ্থনীতি আৰু শিল্প-নীতিৰ নামত সাম্ৰাজ্যবাদৰ হেঁচাত স্বাৰ্থ এৰি স্বাধীনতা বিক্ৰী কৰিবলৈ দিয়া নহব।

মূল্যবৃদ্ধিৰ উৎসবোৰ বিচাৰ কৰি সমাধানৰ সূত্ৰ উলিওৱা।

দেশৰ বিদ্ৰোহী আৰু সন্ত্ৰাসবাদী সমস্যা সমাধানত গুৰুত্ব দিয়া।

দেশৰ বানপানী, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা হব।জালুকবাৰীৰ পৰা চান্দমাৰী, সাতগাঁও হৈ খানাপাৰালৈ মেট্ৰ ৰেল প্ৰৱৰ্তন কৰা।

দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শ্ৰেণীক উন্নয়ন কৰাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়ায়ে সম্পূৰ্ণ চেষ্টা কৰিব।

প্ৰত্যেক সমষ্টিৰ দৰিদ্ৰ মানুহক কমেও ডেৰ কঠা মাটি দিয়াৰ যত্ন কৰিব।