চ’ত শেষত বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, যেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে, সেই সময়ত উদযাপত কৰা হয় অসমীয়া জাতিৰ বাপতি সাহোন, হিয়াৰ আমঠু, প্ৰাণস্পন্দন ব’হাগ বা ৰঙালী বিহুৰ৷ ৰঙালী বিহু যৌৱনৰ উৎসৱ৷ কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ বিহু উৎসৱ চলি আহিছে৷ যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি লোক বিশ্বাস প্ৰচলিত৷ সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ৷ ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়৷ চ’তৰ সংক্ৰান্তিৰ পৰা ব’হাগৰ ৬ তাৰিখলৈ সাত দিন এই বিহু উদযাপন কৰা হয়৷ প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে৷ ইয়াক সাত বিহু বুলি জনা যায়৷ চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব’হাগ বিহু সামৰা হয়৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ইয়াৰে এটা দিন গোঁসাই বিহু বুলি পালন কৰা হয়৷ আজিকালি কোনো কোনো অঞ্চলত গোটেই ব’হাগ মাহ ধৰি বিহুৰ ৰং-ৰইচ, নৃত্য-গীত চলে যদিও প্ৰথম ছয়দিন আৰু শেষৰ দিনটোৰ বাহিৰে বাকী দিনবোৰৰ নিৰ্দিষ্ট কোনো নাম নাথাকে৷ অৱশ্যে বিহু সাতদিনেই থাকক বা এমাহেই থাকক বিহুৰ শেষৰ দিনা চেৰা বিহু বুলি কোৱা হয়৷
গৰু বিহু
ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। পুৱা মাহ হালধিৰে গৰুক নদী বা পুখুৰীত নোৱাই-ধোৱাই চালনিত কাটি থোৱা কেঁচা হালধি, জাতিলাউ, বেঙেনা, কেৰেলা, থেকেৰা আদি গৰুৰ গাত চটিয়াই ‘লাউ খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু’ বুলি মাখিয়তীৰে কোবোৱা হয়৷ আবেলি আগচোতাল, পাঁচ চোতাল আৰু বৰ ঘৰৰ মজিয়াত ধান খেৰ, তুঁহ, লাইজাবৰি, বিহু লগনী, জেতুকা আদিৰে জাক দিয়া হয়৷ গৰু গোহালিলৈ আহোতে বিচনীত নতুন গামোচা দি বিচি নতুন পঘা দিয়া হয়৷
মানুহ বিহু
গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক বৰ দোমাহী বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধোৱাৰ পিছত সৰুৱে ডাঙৰক গামোচা দি সেৱা কৰে। ইয়াৰ পিছতে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে বিহুৱান বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে বিহুৱান আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্হা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম-
“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে।”
গোসাঁই বিহু
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়৷
তাঁতশাল
অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল৷ সেয়ে বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু৷
নাঙলৰ বিহু
পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি নাঙলৰ বিহু৷
জীয়ৰী বা চেনেহী বিহু
ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা জীয়ৰী বা চেনেহী বিহু৷
চেৰা বিহু
শেষৰ দিনা চেৰা বিহু৷ কিছুমানে ইয়াক এৰা বিহু বুলিও কয়৷ চেৰা বিহুৰ দিনা দৈ আৰু পইতা ভাত খোৱা হয় আৰু বিচনীৰ জুৰ লৈ গোৱা হয়-
নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক, ন-ভাতে পুৰণি ভাতে জীণ যাওক।
এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়৷
গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধি। এশ এবিধ নোৱাৰিলেও সাতবিধ শাকৰে কাম চলোৱা হয়। ইয়াকে সাতশাকী বুলি কোৱা হয়।