পলাশবাৰীৰ পৰা ৰমেন দাস, সংবাদ ৩৬৫ , ৪ জুন : বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই গুৱাহাটীত উপস্থিত হ’ল আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায় । আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহিয়ে উৰুৱাইছিল বিজয়ধ্বজা ।

উত্তৰ গুৱাহাটীৰ দুই পৰ্বত আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু ২০ হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনি আজি উপস্থিত হ’ল গুৱাহাটীত । মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰৰ বিমানযোগে উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা শুভকাংশীসকলে উষ্ম আদৰণী জনায় দুয়োগৰাকী অসমসন্তানক ।

উল্লেখ্য যে বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত -২০ ডিগ্ৰী চেলচিয়াছৰো তলত আছিল আৰু এই প্ৰতিকূল বতৰৰ তুষাৰ পাতৰ বাধাকো নেওচি দুই অসম সন্তান কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱালে অসমৰ গামোছা ৷ এই সাফল্যত সুখী দুয়োগৰাকী অসম সন্তান ক’লে আৰোহনৰ কথা ।