গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ৫ হাজাৰ ৫৮০ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১৩ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ৯১৮ জন। শুকুৰবাৰৰ তুলনাত শনিবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা হ্ৰাস পাইছে। ক’ভিড ৰোগীৰ মৃত্যু সংখ্যাও হ্ৰাস পাইছে শনিবাৰে।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ১২.১৬ শতাংশ। শনিবাৰৰ দিনটোত ৰাজ্যত মুঠ ৪৫ হাজাৰ ৯০০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৫ হাজাৰ ৫৮৯ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১৩ জন ক’ভিড আক্রান্ত লোক।

শনিবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২ হাজাৰ ৯১৮ জন। শনিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ১৭২ জন লোক কামৰূপ মহানগৰ জিলাত শনিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে যোৰহাট জিলা। যোৰহাট জিলাত আক্রান্ত হৈছে ৩৩০ জন লোক।

ইয়াৰ পৰিবৰ্তে ডিব্ৰুগড় জিলাত ২৯৪ জন আৰু শিৱসাগৰ জিলাত ২৩৯ জন লোক আক্রান্ত হৈছে। শনিবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত মৃত্যু হোৱা ১৩ জনৰ ভিতৰত ২ জনকৈ লোক কামৰূপ মহানগৰ জিলা, যোৰহাট জিলা আৰু কাৰ্বি আংলং জিলাৰ। ইয়াৰ পৰিবৰ্তে ডিব্ৰুগড়, হাইলাকান্দি, কৰিমগঞ্জ, বাক্সা আৰু গোলাঘাট জিলাত ১ জনকৈ লোকৰ মৃত্যু হৈছে।