বিশ্বনাথ, সংবাদ ৩৬৫, ১৯ জুলাইঃ ৰাজ্যত হস্তী মানৱৰ সংঘাট বৰ্তমান যেন নিত্যনৈমত্তিক ঘটনা। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এপাল বন্যহস্তীৰ ৷ আকৌ বনৰীয়া হাতীৰ জাক এটাই মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলালে বিশ্বনাথৰ বিহালীত। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিয়েই তহিলং কৰি নিশা সন্ত্ৰাসৰ সৃষ্টি কৰা প্ৰায় ১৫ – ২০ টা বন্যহস্তীৰ এটা জাকে নিদ্ৰাহৰন কৰিছে অঞ্চলবাসীৰ ৷ খহনীয়া বিদ্ধস্ত বুৰৈপৰীয়া বৰাজুলী নেপালী গাওঁবাসীয়ে চকুৰে সৰিয়হ ফুল দেখিছে বন্যহস্তীৰ সন্ত্ৰাসত। নদীপৰীয়া এই অঞ্চল বাসীৰ এই সমষ্যাৰ প্ৰতি কিন্তু তিলমানো গুৰুত্ব দিয়া নাই বনবিভাগে ৷ বনবিভাগক খবৰ দিয়াৰ পাছতো বিভাগটোৱে হাতীৰ জাকটো খেদি পথোৱাৰ কোনো ব্যৱস্থা গ্ৰহন কৰা নাই ৷ অঞ্চলটোৰ গাতে লাগি থকা এখন সৰু হাবিত হাতীৰ জাকটো দিনৰ ভাগত আশ্ৰয় লৈ নিশা হলে অঞ্চলবাসীৰ মাজত সৃষ্টি কৰে তীব্ৰ আতংকৰ ৷ ইতিমধ্যে হেমন্ত ৰিজাল আৰু প্ৰেম প্ৰসাদ শৰ্মা নামৰ কৃষক দুজনৰ বাসগৃহৰ লগতে কৃষিপাম ভাঙি তহিলং কৰিছে ৷ পথাৰত ৰূবলৈ ৰখা কঠিয়া আৰু সজাল ধৰিবলৈ ধৰা বহু কেইজন কৃষকৰ ধান খেতিও তহিলং কৰিছে বন্যহস্তীৰ জাঁকটোৱে ৷ কিন্তু দিৰ্ঘদিন ধৰি বন্যহস্তীৰ সন্ত্ৰাসে ত্ৰাসিত কৰা অঞ্চলবাসীক সকাহ দিবলৈ বৰগাং বনাঞ্চলিক বিষয়া জনে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷