গুৱাহাটী, ৩ নৱেম্বৰ, ২০২৬ : ১৯৮৯ বেটচৰ এজন আইআৰএছএমই বিষয়া বিবেক খাৰে ১ নৱেম্বৰ, ২০২৬ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নতুন মহাপ্ৰবন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰে। মহাপ্ৰবন্ধক হিচাপে তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামগ্ৰিক কাৰ্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ১০ খন ৰাজ্য আৰু ৩৬ টা লোকসভা সমষ্টিজুৰি ভাৰতীয় ৰে’লৱেৰ (Indian Railway) ১৮ টা ভৌগোলিক সংমণ্ডলৰ ভিতৰত অন্যতম বৃহৎ আৰু প্ৰত্যাহ্বানপূৰ্ণ এই সংমণ্ডলটো বিস্তৃত হৈ আছে। ইয়াৰ ভিতৰত অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগ তথা বিহাৰৰ একাংশ অন্তৰ্ভুক্ত।
দেশৰ বিভিন্ন ৰাজ্য আৰু ৰে’লৱে সংমণ্ডলত বিস্তৃত হৈ থকা ৰে’লৱে পৰিচালন, ৰক্ষণাবেক্ষণ, কাৰ্যদক্ষতাৰ উন্নয়নৰ লগতে আধুনিকীকৰণৰ দিশত তিনিটা দশকৰো অধিক অভিজ্ঞতাৰে সমৃদ্ধ খাৰেৰ কাৰ্যকুশলতাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে যথেষ্ট লাভজনক হ’ব বুলি আশা কৰা হৈছে। মহাপ্ৰবন্ধক হিচাপে যোগদান কৰাৰ পূৰ্বে তেওঁ ৰায়বৰেলীৰ মডাৰ্ণ কোচ ফেক্টৰীত প্ৰধান মুখ্য যান্ত্ৰিক অভিযন্তা হিচাপে কৰ্মৰত আছিল। ইয়াৰ পূৰ্বে, ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ মডাৰ্ণ কোচ ফেক্টৰী (এমচিএফ), ৰায়বৰেলীৰ অতিৰিক্ত মহাপ্ৰৱন্ধকৰ দায়িত্বও কিছু সময়ৰ বাবে পালন কৰিছিল।
ভাৰতীয় ৰে’লৱেৰ বিভিন্ন ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু পৰিচালনগত উৎকৰ্ষতাৰ বাবে খাৰে সুপৰিচিত। তেওঁ ৩ মাৰ্চ, ১৯৯১ তাৰিখে দক্ষিণ-মধ্য ৰে’লৱেত ভাৰতীয় ৰে’লৱে সেৱাত যোগদান কৰি ছেকেন্দ্ৰাবাদ আৰু বিজয়ৱাড়াত কৰ্মৰত আছিল। তেওঁ দক্ষিণ-মধ্য ৰে’লৱেৰ লাল্লাগুড়া ৱৰ্কশ্বপ আৰু উত্তৰ ৰে’লৱেৰ টোগলকাবাদ ডিজেল শ্বেডতো কাৰ্যনিৰ্বাহ কৰিছিল। ২০০০ বৰ্ষৰ পৰা ২০০৫ বৰ্ষ পৰ্যন্ত ৰাইটচত উপ মহাপ্ৰৱন্ধক আৰু অতিৰিক্ত মহাপ্ৰৱন্ধক হিচাপে ডেপুটেচনত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ভাৰত আৰু বাংলাদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দায়িত্ব পালন কৰিছিল।
লক্ষ্ণৌস্থিত ৰিচাৰ্ছ ডিজাইনছ এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেচন (আৰডিএছঅ )ত ২০১৩ বৰ্ষ পৰ্যন্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ৰে’লৱেৰ গুৰুত্বপূৰ্ণ পদ্ধতিসমূহৰ গৱেষণা, ডিজাইনৰ মানকীকৰণ আৰু প্ৰযুক্তিগত উন্নয়নৰ বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দক্ষিণ পূৰ্ব মধ্য ৰে’লৱেৰ অধীনত ৰায়পুৰত অতিৰিক্ত মাণ্ডলিক ৰে’লৱে প্ৰবন্ধক (এডিআৰএম) হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ৰে’ল পৰিচালনৰ দক্ষতা বৃদ্ধি কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰিছিল। তদুপৰি, লক্ষ্ণৌৰ চাৰবাগ ৱৰ্কশ্বপত মুখ্য ৱৰ্কশ্বপ প্ৰৱন্ধক হিচাপে তেওঁ আধুনিকীকৰণৰ প্ৰচেষ্টাত নেতৃত্ব দিয়াৰ লগতে ৱৰ্কশ্বপৰ উৎপাদন দক্ষতা যথেষ্ট উন্নত কৰি তুলিছিল।
খাৰে হায়দৰাবাদৰ আইএছবিকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত ৰে’লৱে ব্যৱস্থাপনাৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। গুণগত মানৰ উন্নয়ন, অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে দূৰদৰ্শী নেতৃত্বৰ ক্ষেত্ৰত তেওঁৰ বিস্তৃত অভিজ্ঞতা তথা কাৰিকৰী দক্ষতাই উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণাধীন উন্নয়নমূলক প্ৰকল্পসমূহক অধিক ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোৰ ৰে’লযাত্ৰী, মালবাহী গ্ৰাহক আৰু সকলো অংশীদাৰৰ আশা-আকাংক্ষা পূৰণৰ দিশত ৰে’লৱেই অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।
