বাক্সাৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ২৭ জুলাইঃ এজন পাহুৱাল ডেকা। বয়স মাত্ৰ ২৩ বছৰ। অকালতে অন্ধত্বক অাকোৱালি লোৱা বি টি এ ডিৰ ওদালগুৰি জিলাৰ দহলাহাবিৰ প্ৰয়াত ৰাজেন দাস আৰু মাতৃ সাৰদা দাসৰ পুত্ৰ। আন দহজন যুৱক দৰে প্ৰাণজিতৰো চকুত অলেখ সপোন। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস! বিগত বছৰৰ জানুৱাৰী মাহৰ পৰা চকুৰ অপটিকেল নাৰ্ভ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাত অকাল অন্ধত্বক অাকোৱালি ল’বলগীয়া হয়। আৰম্ভণিতে নিজৰ সাচতীয়া ধনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিলেও যদি কোনো সুফল নোপোৱাত উন্নত চিকিৎসাৰ বাবে গাওঁবাসীৰ লগতে বন্ধু-বান্ধৱৰ আৰ্থিক সহযোগিতাত নেপাল আৰু চেন্নাইলৈ যায়। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰাণজিতৰ চিকিৎসা আধাতে থমকি ৰয়। প্ৰাণজিতে তেওঁৰ বন্ধু-বান্ধৱৰ সহায়ত কিছু আৰ্থিক সহায়ৰ বাবে পানেৰী সমষ্টিৰ বিধায়ক কমলি বসুমতাৰীৰ লগতে স্থানীয় ভি চি ডি চিক কেইবাবাৰো যোগাযোগ কৰিছে যদিও আজি পৰ্যন্ত কোনো সহায় লাভ কৰা নাই। দিন হাজিৰা কৰা মাতৃয়ে চকুৰ সন্মুখতে নিজ পুত্ৰক এনেকুৱা অৱস্থাত দেখি উপায়ন্তৰ হৈ পৰিছে। নিজৰ সন্তানটিক সুস্থ কৰি তুলিবলৈ দিশহাৰা মাতৃয়ে হৃদয়বান ৰাইজ, স্বেচ্ছাসেৱী সংগঠনৰ লগতে চৰকাৰৰ ওচৰত আহ্বান জনায়।