পাঠশালা, সংবাদ ৩৬৫, ২৭ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিছিল যদিও সকলোবোৰ প্ৰতিশ্ৰুতি বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত জহি খহি যোৱা পাঠশালা সৰ্থেবাৰী পথটো মেৰামতিৰ দাবীত পুনৰ মেৰামতিৰ পৰা বঞ্চিত হোৱাত জাঙুৰ খাই উঠিছে বৃহত্তৰ দক্ষিণ বজালীৰ ৰাইজ। বহু বছৰ ধৰি ৰাইজে বিভিন্ন ধৰনে আন্দোলন কৰি অহাৰ পিছত কেন্দ্ৰীয় ডনাৰ মন্ট্ৰালয়ে সৰুক্ষেত্ৰী আৰু পাটাছাৰকুছি সমষ্টিৰ এই পথটোৰ ১৬ কিলোমিটাৰ নিৰ্মাণৰ বাবে ১৩ কোটি টকাৰ অনুমোদন জনোৱাৰ পিছত শেহতীয়া ভাবে কেন্দ্ৰ চৰকাৰে এই ডনাৰৰ অনুমোদন নাকচ কৰাত সৰব হৈ উঠিছে বজালীৰ ৰাইজ। ইপিনে বিগত বৰ্ষৰ নবেম্বৰ মাহত তদানীন্তন গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এসপ্তাহৰ ভিতৰত পথ মেৰামতি কৰাৰ কথা ঘোষনা কৰাৰ আজি ন মাহ উকলি যোৱাৰ পিছতো পথৰ একো কাম নোহোৱাত ৰাজ্য চৰকাৰক ধিক্কাৰ দি শুক্ৰবাৰে দক্ষিণ বজালী নাগৰিক সমাজে বিভিন্ন দল সংগঠনৰ সহযোগত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে পথটো মেৰামতি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী সকলে ।