গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাই: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি একবিংশ শতিকাৰ আটাইতকৈ দীৰ্ঘতম চন্দ্ৰগ্ৰহন উপভোগ কৰিব নোৱাৰিব পাৰে অসমবাসীয়ে। ২৪ ঘন্টাত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহাৰ সম্ভাৱনা। ”নাচা”ই মত প্ৰকাশ কৰা অনুসৰি শুক্ৰবাৰে নিশা দক্ষিণ আফ্ৰিকা, ইউৰোপ, এচিয়া আৰু অষ্ট্ৰেলিয়াত ভাৰতীয় সময় অনুসৰি ১১:৫৪ বজাৰ পৰা ১:৫১ বজালৈ প্ৰায় ১ ঘ: ৪৩ মি: সময় শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণ দেখিবলৈ পাব। এই পূৰ্ণাংগ চন্দ্ৰগ্ৰহনটো সজুলি আবিহনে সহজতে স্পষ্টকৈ দেখিবলৈ পাব। উল্লেখ্য যে, চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ১ ঘ: ১৬ মি: সময়জোৰা চন্দ্ৰগ্ৰহণ হৈছিল।