হোজাই, ১৬ অক্টোবৰ, ২০২৬ : আগন্তুক শিক্ষাবৰ্ষৰ বাবে আজমল ফাউণ্ডেচনৰ (Ajmal Foundation) দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ বাছনি পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে।ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে অসমৰ লগতে বিহাৰ, পশ্চিমবঙ্গ, নাগালেণ্ড আৰু মণিপুৰক সামৰি মুঠ ৬০টা স্থানত অনুষ্ঠিত হ’ব পৰীক্ষা। বৃহস্পতিবাৰে বিয়লি ৩ বজাৰ পৰা আজমল ফাউণ্ডেচন আৰু আজমল ছুপাৰ ৪০ৰ পৰ্টেলত পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে মুকলি কৰা হ’ব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেধাৱী শিক্ষাৰ্থীয়ে যাতে সহজে এই শিক্ষা সুযোগ লাভ কৰিব পাৰে, সেই উদ্দেশ্যে বিভিন্ন স্থানত বাছনি পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব। বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল অথচ মেধাৱী শিক্ষাৰ্থীসকলক জলপানি, বিনামূলীয়া শিক্ষা আৰু বিশেষ শিক্ষাৰ সুযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এইবাৰ শিক্ষাৰ্থীসকলৰ বাবে মুঠ ১০ কোটি টকাৰ স্কলাৰশ্বিপৰ দিয়াৰ পদক্ষেপ হাতত লোৱা হৈছে। ৰাজ্য তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ নামত এই স্কলাৰশ্বিপসমূহ প্ৰৱৰ্তন কৰা হৈছে।

বাছনি পৰীক্ষাত প্ৰতিটো শ্ৰেণীত শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীক সম্পূৰ্ণ হোষ্টেল আৰু শৈক্ষিক মাচুলৰ সুবিধা প্ৰদান কৰা হ’ব “ড° এ. পি. জে. আব্দুল কালাম জিনিয়াছ স্কলাৰশ্বিপ”। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অতি দৰিদ্ৰ পৰিয়ালৰ (বি পি এল) অন্তৰ্ভুক্ত শীৰ্ষ ৪০ জন ছাত্ৰক হোষ্টেল আৰু শৈক্ষিক মাচুলৰ বাবে “হাজী আজমল আলী” স্কলাৰশ্বিপ প্ৰদান কৰা হ’ব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অতি দৰিদ্ৰ পৰিয়ালৰ (বি পি এল) অন্তৰ্ভুক্ত শীৰ্ষ ৪০ গৰাকী ছাত্ৰীক হোষ্টেল আৰু শৈক্ষিক মাচুল দিয়াৰ লক্ষ্যৰে “মৰিয়ম আজমল স্কলাৰশ্বিপ” প্ৰদান কৰা হ’ব। একাদশ আৰু দ্বাদশশ্ৰেণীৰ বাবে অতি দৰিদ্ৰ পৰিয়ালৰ (বি পি এল) অন্তৰ্ভুক্ত ২০ গৰাকী শিক্ষাৰ্থীক “ছাইৰামীৰ স্কলাৰশ্বিপ” প্ৰদান কৰা হ’ব।

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ অতি দৰিদ্ৰ পৰিয়ালৰ (বি পি এল) অন্তৰ্ভুক্ত ২০ গৰাকী শিক্ষাৰ্থীসকলক “হজৰত মৌলানা আছাদ মদনী স্কলাৰশ্বিপ” প্ৰদান কৰা হ’ব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অতি দৰিদ্ৰ পৰিয়ালৰ (বি পি এল) শ্ৰেণীৰ ২০ গৰাকী অনাথ আৰু দিব্যাংগ শিক্ষাৰ্থীক “হজৰত আহমদ আলী (ৰহঃ) স্কলাৰশ্বিপ” প্ৰদান কৰা হ’ব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে এছ চি, এছ টি, অ’ বি চি, চাহ জনগোষ্ঠী আৰু বি পি এল শ্ৰেণীৰ শীৰ্ষ ২০ জন শিক্ষাৰ্থীক হোষ্টেল আৰু শৈক্ষিক মাচুল দিয়াৰ উদ্দেশ্যৰে “জুবিন গাৰ্গ স্কলাৰশ্বিপ” প্ৰদান কৰা হ’ব।ইয়াৰ উপৰি, আৰ্থিকভাৱে প্ৰয়োজনীয় আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে “বিশেষ আজমল স্কলাৰশ্বিপ” প্ৰদানৰ ব্যৱস্থাও কৰা হৈছে।

মন কৰিবলগীয়া যে ১৫ অক্টোবৰৰ আবেলি তিনি বজাৰ পৰা অহা ১৫ ডিচেম্বৰলৈকে চলিব এই পঞ্জীয়ন আৰু ২০ ডিচেম্বৰ ২০২৬ দেওবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চলিব পৰীক্ষা। পঞ্জীয়ন কৰিবলৈ www.ajmalfoundation.com আৰু www.ajmalsuper40.inত লগিন কৰিব। উল্লেখ্য যে, গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণৰ লক্ষ্যৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলে আজমল ছুপাৰ ৪০ৰ দৰে অভিলাষী শিক্ষা আঁচনিৰ শুভাৰম্ভ কৰিছিল। আৰম্ভণিৰে পৰাই উল্লেখনীয় সফলতা অৰ্জন কৰি অহা আজমল ছুপাৰ ৪০য়ে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

আজমল ছুপাৰ ৪০ৰ জৰিয়তে বিনামূলীয়া কোচিং লাভ কৰি আৰ্থিকভাৱে পিছপৰা বহু মেধাৱী শিক্ষাৰ্থীয়ে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিজ্ঞ আৰু দক্ষ শিক্ষকসকলৰ লগতে ৰাজ্যৰ আগশাৰীৰ শিক্ষকমণ্ডলীয়ে শিক্ষাৰ্থীসকলক নিয়মিতভাৱে পাঠদান কৰি আহিছে। শিক্ষকমণ্ডলীৰ অক্লান্ত পৰিশ্ৰম, দক্ষতা আৰু কৰ্তব্যনিষ্ঠাৰ ফলতেই প্ৰতিবছৰে আজমল ছুপাৰ ৪০য়ে উল্লেখনীয় সফলতা অৰ্জন কৰি আহিছে। সামগ্ৰিকভাৱে, আৰ্থিক বাধাই যাতে কোনো মেধাৱী শিক্ষাৰ্থীৰ সপোনৰ বাটত হেঙাৰ হৈ থিয় দিব নোৱাৰে, সেই লক্ষ্যৰে আজমল ছুপাৰ ৪০ য়ে শিক্ষা আৰু স্কলাৰশ্বিপৰ জৰিয়তে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। এই পদক্ষেপে ৰাজ্যৰ বহু দৰিদ্ৰ আৰু মেধাৱী শিক্ষাৰ্থীৰ চিকিৎসক-অভিযন্তা হোৱাৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।