গুৱাহাটী, সংবাদ ৩৬৫,২৮জুলাইঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নতুন তত্ত্বাবধায়কৰূপে নিযুক্তি লাভ কৰা উত্তৰাখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী হৰিশ ৰাৱাট শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। হৰিশ ৰাৱাটে অভিযোগ উত্থাপন কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে ৰালেফ বিমান ক্ৰয়ৰ নামত দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ দুৰ্নীতি কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাফেল বিমান ক্ৰয়ৰ বাবে যি দাম নিৰ্ধাৰণ হৈছিল তাতকৈ ৩০০% অধিক মূল্যত বিজেপি চৰকাৰখনে ফ্ৰান্সৰ পৰা ৰাফেল বিমান ক্ৰয় কৰা বুলি হৰিশ ৰাৱাটে অভিযোগ কৰে। ৰাৱাটে আৰু লগতে কয় যে বিজেপি চৰকাৰখনৰ ওপৰত অনিষ্ঠা প্ৰস্তাৱৰ সময়ত ৰাহুল গান্ধীয়ে চৰকাখনৰ বিফলতাসমূহ উদঙাই দিছে। নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, উন্নয়ন সকলো ক্ষেত্ৰতে চৰকাৰখন বিফল হৈছে। আগন্তক ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত ১১ খন আসন লাভ কৰিব বুলি ৰাৱাটে মত প্ৰকাশ কৰে। ২০১৯ ৰ লোকসভা নিৰ্বাচন গণতন্ত্ৰ ৰক্ষাৰ যুঁজ৷ এই যুঁজৰ বাবে কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰিবলৈ চেষ্টা চলাব আৰু যিসকলে দলৰ পৰা আঁতৰি গৈছে তেওঁলোকক পুণৰ দললৈ ঘূৰাই অনাৰ চেষ্টা কৰিব, যিসকল ইতিমধ্যে কৌৰৱ পক্ষলৈ গৈছে তেওঁলোকক পুনৰ পাণ্ডৱৰ পক্ষলৈ ঘূৰাই অনাৰ চেষ্টা চলাব কংগ্ৰেছ দলে এইবুলি ন্তব্য প্ৰকাশ কৰে হৰিশ ৰাৱাটে। সংবাদমেলত ৰাৱাটে মন্তব্য কৰে যে নৰেন্দ্ৰ মোদী শাসনলৈ আহি উত্তৰ–পূবক অষ্ট লক্ষী আখ্যা দিলে ঠিকেই, পিছে এতিয়া উত্তৰ–পূবত অষ্ট থাকিল কিন্তু উধাও হ’ল লক্ষী। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি ৰাৱাটে কয় যে প্ৰকৃত ভাৰতীয়ৰ নাম যাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা পৰা বাদ নপৰে তাৰ বাবে সদায় সজাগ হৈ থাকিব কংগ্ৰেছ দল৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পিছতেই প্ৰকৃত ভাৰতীয় নাগৰিকক আইনী সহায় সহযোগ আগবঢ়াবলৈ কংগ্ৰেছে দলে প্ৰতিটো ব্লক আৰু জিলা পৰ্যায়ত হেল্প চেণ্টাৰ খুলিব।