গুৱাহাটী, ২৭ নৱেম্বৰ, ২০২৬ : অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী জনজাতীয় মহিলাই উত্থাপন কৰা শেহতীয়া বিস্ফোৰক অভিযোগৰ সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটী (Assam Pradesh Congress Committee) আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এটা সঁজাতি দলে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাৰ কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰ তথা লিখিত প্ৰতিবেদন দাখিল কৰে। সঁজাতি দলটোৱে এই স্পৰ্শকাতৰ বিষয়টোত মহিলা আয়োগৰ তাৎক্ষণিক হস্তক্ষেপ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে।
ইফালে, সঁজাতি দলটোৱে স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যোৱাৰ সময়ত অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। কাৰ্যালয়টোত সেই সময়ত স্মাৰকপত্ৰখন গ্ৰহণ কৰিবলৈ কোনো দায়িত্বশীল বিষয়া বা কৰ্মচাৰী উপস্থিত নাছিল। ফলত সঁজাতি দলটোৱে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় আৰু পাছত এগৰাকী কৰ্মচাৰী অহাৰ পাছতহে স্মাৰকপত্ৰখন দাখিল কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, “আজি আমি সঁজাতি দলটোৱে মহিলা আয়োগৰ ওচৰত স্মাৰকপত্ৰ দিবলৈ আহিছিলোঁ, কিন্তু সেই সময়ত কাৰ্যালয়ত স্মাৰকপত্ৰখন গ্ৰহণ কৰিবলৈ কোনো নাছিল। বৰ্তমান মহিলা আয়োগ এনেকৈয়ে চলিছে। বহু সময় ৰৈ থকাৰ পাছত কোনোবা এজন অহাতহে আমি স্মাৰকপত্ৰখন দিবলৈ সক্ষম হ’লোঁ।”
আজিৰ এই সঁজাতি দলটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, প্ৰাক্তন বিধায়িকা ক্ৰমে শিৱামণি বৰা আৰু নন্দিতা দাস, প্ৰাক্তন বিধায়ক ক্ৰমে বিনন্দ শইকীয়া আৰু সত্যব্ৰত কলিতা উপস্থিত থাকে। ইয়াৰ উপৰি দলটোত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জয়ন্ত খাউণ্ড, বিদিশা নেওগ, ৰূপা কলিতা, হেপী গগৈ, আৰমান আলী, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনামিকা স্বৰ্গীয়াৰী, বেলতলা ব্লক কংগ্ৰেছৰ সভাপতি ভীম চেত্ৰী, বেলতলা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী উৎপলা দাস গগৈ আৰু দিছপুৰ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মধুস্মিতা দাসকে প্ৰমুখ্য কৰি কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মী তথা বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
