চৰাইদেউ, সংবাদ ৩৬৫,২৮জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে এখন মুকলি সজাগতা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, প্ৰণবজ্যোতি বৰা, খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ লগতে কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি চৰাইদেউ জিলাত এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ সন্দৰ্ভত কোনো লোক শংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে সবিশেষ জানিবলৈ দিয়ে। জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৪,৭৬,০০০ গৰাকী নাগৰিক ৪৫৮৩৪৪ গৰাকী ব্যক্তিয়ে এনআৰচিৰ আবেদন কৰিছিল আৰু এইসকলৰ নাম প্ৰকাশ পাবলগীয়া খচৰা তালিকাত প্ৰকাশ পাব। আনহাতে কোনো লোকৰ যদি নাম কেনেবাকৈ প্ৰকাশ নাপালেও শংকিত হোৱাৰ কাৰণ নাই। খচৰা তালিকাৰপৰা নাম বাদ পৰিলে বা নাম অন্তৰ্ভুক্তিত শুধৰণি বা ওজৰ আপত্তি থাকিলে অহা ৩০ আগষ্টৰপৰা ২৮ চেপ্তেম্বৰলৈকে আবেদন কৰিব পাৰিব নিজ নিজ অঞ্চলত থকা এনআৰচিৰ সেৱা কেন্দ্ৰত। আনহাতে এই সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২- ২৫৫১২৩ নম্বৰত যোগাযোগ কৰিব পাৰিব জনসাধাৰণে। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে অসম আৰক্ষীৰ লগতে, সেনা বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু ইণ্ডো তিব্বেটান পুলিচৰ জোৱানক প্ৰতিটো এন আৰ চিৰ সেৱা কেন্দ্ৰত সষ্টম কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগে লগে যাতে কোনো লোকে ভুৱা খবৰ চছিয়েল মিডিয়াত প্ৰচাৰ নকৰে সেই ক্ষেত্রটো তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনায় শুদ্ধ খবৰ প্ৰকাশ কৰাৰ লগতে জনসাধাৰণক সজাগ কৰিবলৈ অনুৰোধ জনাই।