চিৰাঙ, সংবাদ ৩৬৫, ২৮ জুলাইঃ ’গ্ৰন্থৰ পৰা আমি জ্ঞান পাওঁ, সেই জ্ঞানেই আমাৰ সম্পদ’ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং জিলাৰ বিজনী বড়োবাজাৰত শনিবাৰে “জ্ঞানশালী” নামাকৰণেৰে এটি ৰাজহুৱা পুথিভঁৰাল আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত আৰু অসম খনিজ সম্পদ উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিজনী সমষ্ঠীৰ স্থানীয় বিধায়ক কমলসিং নাৰ্জাৰীৰ সহযোগত “জ্ঞানশালী” পুথিভঁড়ালটো স্থাপন কৰা হয়। পুথিভঁড়ালটোৰ বাবে বিধায়ক কমলসিং নাৰ্জাৰীয়ে কিতাপৰ যোধান ধৰে, বড়োবাজাৰ ভিচিডিচিৰ সভাপতিয়ে ফাৰ্নিচাৰ দিয়ে আৰু বড়োবাজাৰৰ ৰাইজে পুথিভড়ালৰ গৃহ তথা অন্যান্য সা-সামগ্ৰীৰ যোগান ধৰাৰ ফলতেই পুঁথিভড়ালটো ৰাইজৰ বাবে ঠন ধৰি উঠে । গ্ৰন্থৰ পৰা আমি জ্ঞান পাওঁ, সেই জ্ঞানেই আমাৰ সম্পদ , নৱ প্ৰজন্মক ছচিয়েল মিডিয়াত কৈ গ্ৰন্থ অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনাই বিজনীৰ নিৰ্ব্বাচনি বিষয়া লুকুমনি বৰাই পুঁথিভড়ালটো উদ্ধোধন কৰি এই দৰে কয় । লগতে তেওঁ কয় যে বিজনী সমষ্টিত এনে ধৰণৰ আৰু বহু কেইটা পুথিভড়াল বনোৱা যাব যদিহে বিজনী বাসীয়ে সহযোগিতা কৰে। তাৰ বাবে তেওঁ যিমান পাৰে পুঁথিভড়ালটো ঠন ধৰি উঠিবৰ বাবে সহায় কৰিব। পুঁথি অধ্যয়নৰ পৰা গ্ৰন্থৰ সুৰভি আৰু প্ৰজ্ঞা বিলাই দিয়াৰ মহৎ উদ্দেশ্যেৰে পুথিভঁৰাল উন্মোচন অনুষ্ঠানত বিজনী সমষ্ঠীৰ বিধায়ক কমলসিং নাৰ্জাৰী, বিজনীৰ নিৰ্বাচনী বিষয়া লুকুমনি বড়া আৰু কেবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জিলাখনৰ ভিতৰুৱা অঞ্চলটোৰ বাবে বিশেষকৈ নৱপ্ৰজন্মৰ মাজত উপকাৰ সাধন কৰাৰ লগতে গ্ৰন্থ বিপ্লৱ আনিব বুলি আশা প্ৰকাশ কৰে বড়োবজাৰ অঞ্চলৰ লোকসকলে ।