ৰঙিয়া, সংবাদ ৩৬৫, ২৯ জুলাই: দেওবাৰে একাংশ ৰাইজে কাউৰবাহা আৰক্ষী চকী ঘেৰাও কৰি নাৰী অপহৰণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আৰক্ষী মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।যোৱা ১৭ জুলাইত নিজকাউৰবাহাৰ বাপুৰাম বড়োৰ পত্নীক একে গাৱৰে চন্দন স্বৰ্গীয়াৰীয়ে অপহৰণ কৰি নিয়াৰ পিছত বাপুৰাম বড়োৱে চন্দন স্বৰ্গীয়াৰীৰ বিৰুদ্ধে কাউৰবাহা আৰক্ষী চকীত এক গোচৰ তৰে। আৰক্ষীয়ে অভিযুক্ত এচ এচ বিত কৰ্মৰত চন্দন স্বৰ্গীয়াৰীক ১১ দিন উকলি যোৱাৰ পিছতো আটক নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে । আৰু তাৰ প্ৰতিবাদতে দেওবাৰে একাংশ ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি স্পষ্ট অভিযোগ কৰে যে ধনৰ বুজাবুজিৰ বাবেই অভিযুক্তক আটক কৰা নাই আৰক্ষীয়ে । ৰাইজে অতি শীঘ্ৰে নাৰী অপহৰণকাৰীক আটক কৰি কঠোৰ শাস্তি বিহীবলৈ আৰক্ষীক দাবী জনায় ।