কলগাছিয়া, সংবাদ ৩৬৫, ২৯ জুলাই: অৱশেষত দেওবাৰে বেঁকী নৈত জাহ গল নির্মাণৰত ৰাজ্যিক ঘাইপথৰ লগতে বেঁকীৰ ওপৰত থকা দলং। কলগাছিয়াৰ শওঁপুৰত বেঁকী নৈৰ বিধ্বংসী খহনীয়াৰ বাতৰি বিভিন্ন চেনেলত ধাৰাবাহিক ভাবে সম্প্ৰচাৰিত কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল । খহনীয়াত ৰাজ্যিক ঘাইপথৰ লগতে বেঁকীৰ ওপৰত থকা দলং আৰু এটা পৰিয়ালৰ ঘৰ-বাৰী বেঁকী নৈৰ খহনীয়াৰ কৱলত পৰিছে। উল্লেখ্য যে, বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ তৎকালীন ব্যৱস্থা লোৱা হব বুলি যোৱা ২৫ জুলাইত এই পথৰ দায়িত্বত থকা মুখ্য অভিযন্তাৰ দলে ৰাইজক আশ্বাস দিছিল যদিও সেই আশ্বাস সম্প্ৰতি ভেকভাওঁনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। যোৱা ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা বিধ্বংসী খহনীয়াৰ বিষয়ে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক আব্দুল খালেকক অৱগত কৰিছিল যদিও তেওঁলোকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকৰ বিৰুদ্ধে খোব উজাৰে ৰাইজে। আজি হৈ থকা খহনীয়াত ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই তৎপৰতা দেখুৱা বুলি অভিযোগ কৰে ৰাইজে।