ৰঙিয়া, সংবাদ ৩৬৫, ৩১ জুলাইঃ অৱশেষত বহু প্ৰত্যাশিত অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পালে সোমবাৰে৷ এন আৰ চিৰ চূড়ান্ত খচৰাৰ মুঠ আবেদনকাৰী ভিতৰত বাদ পৰে প্ৰায় ৪০ লাখ লোকৰ । এই ৪০ লাখৰ ভিতৰত আছে ৰঙিয়াৰ এটি বিশেষ পৰিয়াল । এই পৰিয়ালটো হৈছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত জয়ন্তীপুৰ পঞ্চায়তৰ বঢ়মপুৰৰ নিবাসী প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ ভাতৃ প্ৰয়াত এক্ৰামুদ্দিন আলী আহমেদৰ পৰিয়ালৰ পৰিয়ালৰ কোনো সদস্যৰে নাম অন্তৰ্ভুক্ত নহ’ল এন আৰ চিত৷ এন আৰ চিৰ বাবে প্ৰয়োজনীয় লিগেচী দাতা দাখিল কৰিব নোৱৰাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ভাতৃৰ পৰিয়ালৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে ।অসমৰ পৰা একমাত্ৰ ৰাষ্ট্ৰপতি হোৱা প্ৰয়াত ফখৰুদ্দিনৰ ভাতৃৰ পৰিয়ালৰ নাম এন আৰ চিত নথকাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিনৰ পিতৃয়ে বংশানুক্ৰমে ৰঙিয়াৰ বঢ়মপুৰ বৰকুকুৰীয়া অঞ্চলত হাজাৰৰো অধিক বিঘা মাটি লাভ কৰিছিল । পৰবৰ্তী সময়ত তাত পাম ধৰি কৃষি কৰ্ম কৰিছিল ।পিছত অৱশ্যে বহু মাটি বৰলীয়া নৈত জাহ যায় আৰু একাংশই দখলো কৰে ।পিছত ফখৰুদ্দিনৰ ভাতৃ এক্ৰামুদ্দিনে স্থানীয় যুৱতীক বিয়া কৰাই তাত নিগাজিকৈ থাকিবলৈ লয়। দুই পুত্ৰ আৰু তিনি কন্যা জন্মৰ পিছত এক্ৰামুদ্দিনৰ মৃত্যু হয় । পৰবৰ্তী সময়ত উক্ত গাঁওখনত কেৱল ফখৰুদ্দিনৰ ভতিজা জিয়াউদ্দিনে পৰিয়ালসহ বাস কৰিবলৈ লয় । সামান্য মাটিত খেতি কৰাৰ লগতে মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া জিয়াউদ্দিনৰ পৰিয়ালটোৱে লিগেচী দাতা বিচাৰি নোপোৱা বাবে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত শংকিত হৈ পৰিছে । প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিনৰ এই পৰিয়ালটোৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে সংশ্লিষ্ট পক্ষই কি পদক্ষেপ লয় সেয়া লক্ষণীয় হব ।