চৰাইদেউ, সংবাদ ৩৬৫, ৫ আগষ্টঃ বৰ্তমান আমাৰ সমাজ খনত অন্ধবিশ্বাসৰ কৰাল গ্ৰাসে আৱৰি আছে৷  অন্ধবিশ্বাসৰ ফলত আমাৰ সমাজৰ মাজৰ পৰা কিছুমান বস্তু হেৰুৱাবলগীয়া হৈছে৷ এই অন্ধবিশ্বাস সমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসন, ভিজন ৰূপান্তৰ তেজপুৰ বিশ্ববিদ্যালয় আৰু সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত দেওবাৰে পুৱাৰ ভাগৰে পৰা  চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ সোণাৰি মহাবিদ্যালয়ৰ সমীপত, বৰহাট, শালকাঠনি চাহ বাগিচা, সাপেখাটী, নাফুক চাহ বাগিচা আৰু কানু চাহ বাগিচাত  দিনযোৰা নাট্যযাত্ৰা আৰম্ভ কৰে অসম নাট্য সন্মিলন, সোণাৰি শাখাৰ উদ্যোগত অনুষ্ঠিত, উদীয়মান নাট্যকাৰ অভিজীৎ শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে “অকথ্য-  ’এন আনটল্ড ষ্টৰি’ আৰু নৱজ্যোতি খাণ্ডাধৰাৰ ৰচনা আৰু পৰিচালনাৰে “পোহৰৰ গান- ’মেলডি অফ লাইট  দুখনি আটকধুনীয়া বাটৰ নাট পৰিবেশন কৰে৷