কলগাছিয়া, সংবাদ ৩৬৫, ৫ আগষ্টঃ কলগাছিয়াত দুই টেম্প চোৰে টেম্পো চুৰ কৰি ৰাইজৰ লপা-থপা খালে৷ কলগাছিয়াৰ ৰামপুৰত টেম্প চালকক নিচাযুক্ত দ্ৰব্য খুৱাই দুই গভাইত চোৰে কাঢ়ি নিলে এ এচ ১৫চি ২৩৩১ নম্বৰৰ টেম্পখন৷ ধৃত ছিৰাজ আলী আৰু ছানিদুল ইছলাম নামৰ লম্পট চোৰ দুজনে দহ হাজাৰ টকাৰ বিনিময়ত ছাকেৰ আলী নামৰ লোক এজনৰ ওচৰত বিক্ৰী কৰিছিল৷ জানিব পৰা অনুসৰি শনিবাৰে সন্ধিয়া ধৃত চোৰ দুজনে এ এচ ১৫চি ২৩৩১ নম্বৰৰ টেম্পখন মন্দিয়াৰ পৰা জনীয়ালৈ যোৱাৰ উদ্দেশ্য  ভাড়া কৰি আনিছিল৷ কিন্তু আদবাটতে টেম্পৰ চালক মহিবুল ইছলামক চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই চোৰ দুজনে চালকজনক ৰাস্তাত পেলাই থৈ টেম্পো লৈ উধাও হয়৷শনিবাৰে নিশাৰ পৰাই টেম্পোৰ মালিক মাৰফত আলীয়ে  চাৰিওফালে বিচাৰ খোচাৰ কৰাত ৰামপুৰ গাঁওৰ ছাকেৰ আলীৰ ডেম্পত টেম্পোখন কাটি থকা প্ৰত্যক্ষ কৰে৷ পিছত টেম্পৰ মালিককজনে ৰামপুৰ গাঁওৰ ৰাইজক লগত লৈ চোৰ দুজন আটক কৰাৰ লগতে টেম্পোখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা ডেম্পৰ মালিক ছাকেৰ আলী পলায়ন কৰে৷ পিছত উত্তেজিত ৰাইজে চোৰ দুজনক লপাথপা দি আৰক্ষীক গতাই দিয়ে৷ এই ডেম্পৰ মালিকজনে গুৱাহাটীত ডেম্প চলাই থাকোঁতেও এনেদৰে চুৰি সমগ্ৰী কিনি গুৱাহাটীৰ পৰা খেদা খাই সম্প্ৰতি কলগাছিয়াৰ ৰামপুৰতো একেই ব্যৱসায় চলাই আছে বুলি ৰাইজে অভিযোগ কৰাৰ লগতে ডেম্পৰ মালিকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ডেম্পখন বন্ধ কৰাৰ দাবী জনাইছে৷