বজালী, সংবাদ ৩৬৫, ২৮ আগষ্টঃ এক যন্ত্ৰণাময় জীৱন৷ বজালীৰ নিত্যানন্দৰ নিকটৱৰ্তী আনন্দপুৰ গাঁৱৰ উৰুখা পজাৰ এটি দৰিদ্ৰ পৰিয়ালৰ তিনিজনিকৈ অবিবাহিত অন্ধ ভগ্নীয়ে পোহৰ বিচাৰি ফুৰিছে৷ কোনোধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰাৰ পৰা আজিও বঞ্চিত হৈ আছে তিনি অন্ধ ভগ্নী ক্ৰমে ডাঙৰ ভগ্নী নিলিমা নাথ,মাজু ভগ্নী বিণা নাথ আৰু সৰু ভগ্নী সংগীত নাথ । দুই ভাতৃ প্ৰদিপ নাথ আৰু মহেন্দ্ৰ নাথে লোকৰ ঘৰত দিন হাজিৰা কৰে। পেটৰ ভাতমুঠিৰ বাবে এতিয়া পৰিয়ালটোৰ  দিন নাযায় ৰাতি নুপুৱাই অবস্থা। অনুমানতে নিজৰ কাম কৰা তিনি ভগ্নীৰ শুবলৈ নাই এখন বিছনা , খাদ্য ৰান্ধিবলৈ নাই গেছ চিলিণ্ডাৰৰ ব্যৱস্থা। চৰকাৰ তথা কোনো হৃদয়বান ব্যাক্তিয়ে এতিয়া সাহায্য কৰি মানবতাৰ উদাহৰণ দাঙি ধৰিব বুলি আশাবাদী তিনি অন্ধ ভগ্নীৰ। অন্ধত্বই এতিয়া তেওঁলোকৰ জীৱন৷