ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ অক্টোবৰ: সমগ্ৰ দেশৰ লগতে তৈলনগৰী ডিগবৈতো বিজয়া দশমীৰ দিনা অন্তিম বিদায় জনাবলৈ মা দূর্গাৰ প্ৰতিমূৰ্তি লৈ হাজাৰ-হাজাৰ লোক ওলাই আহি পাৰম্পৰিক ৰীতি নীতিৰে বিগত বছৰৰ দৰে এইবেলিকাও প্ৰতিমা বিসৰ্জন কৰে। বিসৰ্জন প্ৰক্ৰিয়া চলি থকাৰ মাজতে ডিগবৈ ভাচাণ পুখুৰীত তিনিজনকৈ যুৱক পুখুৰীত ডুব যায়, যদিও দুই যুৱক প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। আনপিনে ডিগবৈ কালিবাড়ীৰ যুৱক সঞ্জয় বৈদ্য নামৰ যুৱকজনক প্ৰায় দুঘণ্টা ধৰি উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই থকাৰ পাছতো তেওঁক উদ্ধাৰ কৰিব পৰা নাই ৰাইজে। শেষত দুঘণ্টা ধৰি ডুবি থকা সঞ্জয় বৈদ্যক তিনিচুকীয়া জিলা প্ৰশাসন ঘটনাস্থলীত আহি এজন ডুবাৰুক পুখুৰীত সঞ্জয় বৈদ্যক উদ্ধাৰ কৰিবলৈ নমাই। পাছত ডুবাৰুজনে সঞ্জয় বৈদ্যক মৃত অৱস্থাত উদ্ধাৰ কৰে। সমগ্ৰ ঘটনাটো ডিগবৈবাসীয়ে ডিগবৈ শোধনাগাৰ মেনেজমেণ্টক দোষাৰোপ কৰাৰ লগতে বিসৰ্জনস্থলীৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। ভাচাণ পুখুৰীত উদ্ধাৰকাৰী দল হিচাপে যি ডিগবৈ শোধনাগাৰৰ অগ্নিনিৰ্বাপকৰ লোক সকল আছিল ক্ষুদ্ধ ৰাইজে তেওঁলোকৰ ওপৰতো জঁপিয়াই পৰি উৰুলা উৰুলকৈ মাৰ ধৰ কৰে। পাছত পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত জিলা আৰক্ষী বিষয়া, মহকুমা আৰক্ষী আহি উপস্থিত হোৱাত পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ আহে। আনহাতে যুৱক জনৰ মৃত্যুত সমগ্ৰ অঞ্চটোতে শোকৰ ছা পৰাৰ লগতে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আধাতে বন্ধ হৈ পৰে। প্ৰায় তিনি ঘণ্টা বিসৰ্জন কাৰ্যসূচী স্তব্ধ হৈ জোৱাৰ পিছতে জিলা আৰক্ষীৰ নির্দেশনাত অন্তত ডিগবৈ চেনেতাৰী পার্কৰ পুখুৰীত বিসৰ্জন সমাপ্ত কৰে।