কলগাছিয়া, সংবাদ ৩৬৫, ২১ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)খনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন ধৰ্মৰ অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্বৰ যোগ্য হিচাপে ঘোষনা কৰিছে। নাগৰিকত্ব আইন ১৯৫৫ মতে কোনো অবৈধ প্ৰবজনকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়। তাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে কলগাছিয়াতো দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰ আৰু অসমত অবৈধ বাংলাদেশীক সংস্থাপন দিয়াৰ প্ৰতিবাদত কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোৰ সমদল কৰি বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কলগাছিয়া মৰাপাট বজাৰৰ পৰা আৰম্ভ কৰা এই জোৰ সমদল কলগাছিয়া বজাৰৰ মাজেৰে গৈ পুনৰ মৰাপাট বজাৰত গৈ অন্ত পৰে। এই প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ আৰু বিধেয়ক খনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়ে। এই বিধেয়কখনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা ১কোটি ৭৪লাখ হিন্দু বঙালীক সংস্থাপন দি অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰিব বুলি অৱগত কৰাৰ লগতে এই বিধেয়ক যদি প্ৰত্যাহাৰ নকৰে তেন্তে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি ভাবুকি দিয়ে।