কলগাছিয়া, সংবাদ ৩৬৫, ২২ অক্টোবৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাই আহিছে অবৈধ বেহা। সোমবাৰেও বৰপেটা জিলাৰ কলগাছিয়াৰ গৰম বজাৰত বৰপেটা ৰোড বন বিভাগে এটা অবৈধ কাঠ ফলা মিলত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় ১০ লাখ টকাৰ চোৰাং কাঠ। এই অবৈধ কাঠ ফলা মিলটো বিল্লাল হুছেইন নামৰ এজন ব্যক্তিয়ে বিগত ছয় মাহৰ পৰা চলাই আহিছিল। সোমবাৰে বৰপেটা ৰোড বনবিভাগে অভিযান চলোৱাৰ পূৰ্বেই মিলৰ সা-সামগ্ৰী খুলি লৈ পলায়ন কৰে যদিও শাল, শিশু, গমাৰী, পমা আদি কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে মিলৰ আন আন আচবাব পত্ৰ নষ্ট কৰি দিয়ে। উল্লেখ্য যে, আমগুৰি, জাওৰিমাৰী, লাংলা, ৰামপুৰ, শোলমাৰী আদিকৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহু ঠাইত অবৈধ কাঠ ফলা মিল থকাৰ পিছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি অভিযোগ উঠিছে।