আজাৰা, সংবাদ ৩৬৫, ২৩ অক্টোবৰ: ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙ্গলবাৰে ৪৬টাকৈ জাতীয় সংগঠনে দিয়া ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ’ল সমগ্ৰ অসমত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বহু সংগঠনে দিয়া এই বন্ধৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। হাজাৰ হাজাৰ লোক নিজ নিজ কৰ্মস্থলীলৈ যোৱাৰ পৰা বঞ্চিত হৈছে এই বন্ধৰ ফলত। ৰেলৱে ষ্টেচন সদৃশ পৰিবেশ দেখিবলৈ পোৱা গ’ল গুৱাহাটীৰ সমীপৱৰ্তী বিমানবন্দৰত। গুৱাহাটীৰ বৰঝাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মঙ্গলবাৰৰ অসম বন্ধৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিমানযাত্ৰীসকলৰ মাজত। কিয়নো বিমানবন্দৰৰ পৰা যাবলৈ এখনো গাড়ী নাই। যাৰ বাবে অগণন যাত্ৰী সকলে বিমানবন্দৰতেই শুই-বাগৰি সময় অতিবাহিত কৰিবলগীয়া হৈছে। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা দেখা গ’ল জনজীৱন। কোনোবাই শুই- বাগৰি সময় অতিবাহিত কৰিছে যদি কোনোৱে আকৌ বন্ধৰ বাবে নিজৰ নৱজাত সন্তানসহ আহি আগতীয়াকৈ আহি অপেক্ষা কৰি আছে বিমানবন্দৰত। আনহাতে অন্য দিনৰ তুলনাত বহু সেৰেঙা ৰূপত পৰিলক্ষিত হ’ল বিমাবন্দৰৰ টেক্সী ষ্টেণ্ড। কিয়নো যাতায়ত কৰিবৰ বাবে এখনো গাড়ী নাই। যিকেইখনো থকা পৰিলক্ষিত হৈছে সেইকেইখনো নাযায় দূৰলৈ ।