ডিগবৈ, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: এক গাৰ নোম শিঞৰি উঠা অবিশ্বাস্য, জঘন্য, নিৰ্লজ ঘটনা সংঘটিত হয় ডিগবৈত। ৰাজ্যত সঘনাই বৃদ্ধি পোৱা ধৰ্ষণ-বলাৎকাৰৰ নিচিনা সমান্তৰাল ঘটনা পুনৰবাৰ সংঘটিত হ’ল ডিগবৈত। এক কলংকিত মহায়েকৰ কামনাৰ বলি হ’ল ১১বছৰীয়া এগৰাকী কিশোৰী। ডিগবৈৰ গুপ্ত কুটিৰৰ নিবাসী জয়ন্ত চৌধুৰী (৪৭) নামৰ এই কলংক মহাকৰ কামনাৰ বলি হ’ল ১১ বছৰীয়া ফুলকমলীয়া কিশোৰী গৰাকী। ঘটনা সন্দৰ্ভত জানিব পৰামতে শুকুৰবাৰেআবেলি কিশোৰী গৰাকীক মাক দেউতাকে অকলশৰে ঘৰত থৈ হস্পিটাললৈ গৈছিল। আৰু ঠিক সেই সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ মহায়েক ৰূপী দানৱটোয়ে সৰ্বনাশ কৰে কিশোৰী গৰাকীক। পাছত কিশোৰী জনীয়ে কন্দা কটা কৰা শুনি চুবুৰীয়াটোত সোধ পোচ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীক সোধাত কিশোৰী গৰাকীৰ লগত বেয়া কাম হৈছে বুলি কিশোৰী গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়ে। আনপিনে জয়ন্ত চৌধুৰী নামৰ এই পাষণ্ডটোক উত্তম মাধ্যম সোধাই স্থানীয় লোকে ডিগবৈ আৰক্ষীক গতাই দিয়ে। বৰ্তমান জয়ন্ত চৌধুৰীক আৰক্ষীয়ে নিজৰ জিম্মাতলৈ তদন্ত অব্যাহত ৰাখিছে।