বঙাইগাঁও, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কোনো কাৰনতে গৃহীত হবলৈ নিদিয়ে কংগ্ৰেছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। কংগ্ৰেছৰ এক দলীয় প্ৰতিনিধি সভাত অংশ লবলৈ আহি দেওবাৰে বঙাইগাঁও ইতিহাস প্ৰসিদ্ধ বাঘেশ্বৰী মন্দিৰত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি, আৰ এছ এছে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলালে কোনোকালে সফল হ’ব নোৱাৰে বুলি মন্তব্য কৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছৰেই সাংসদ সুস্মিতা দেৱ ,বিধায়ক কমলাক্ষদে পুৰকায়স্থয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সপক্ষে মন্তব্য কৰা বিষয়টো আঙুলিয়াই দিয়াত বৰাই সুস্মিতা দেৱে বিধেয়কখনৰ সপক্ষে তেনে কোনো মন্তব্য কৰা নাই বুলি সুস্মিতা দেৱক ক্লিনছিট দিয়াৰ চেষ্টা চলায়। বিধায়ক কমলাক্ষদে পুৰকায়স্থয়ে মাজে মাজে বিধেয়ক খনৰ পক্ষে মন্তব্য দিয়াৰ কথা স্বীকাৰ কৰি এই মন্তব্য ব্যক্তিগত মন্তব্য বুলিহে প্ৰকাশ কৰে। গনতান্ত্ৰিক দল হিচাপে কোনো ব্যক্তিগত মন্তব্য বাধা নিদিয়ে যদিও প্ৰতিজন সদস্যই দলীয় সিদ্ধান্ত মানি ল’বলৈ বাধ্য বুলিও তেওঁ প্ৰকাশ কৰে।