কাকপথাৰ, সংবাদ ৩৬৫, ২৮ অক্টোবৰ: সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ সৌজন্যত মৰাণ জাতীয় মহিলা পৰিষদ অাৰু সদৌ মৰাণ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ কাকপথাৰ অাঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কাকপথাৰ অাঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনযোৰা কাৰ্যসুচীৰে বিয়ানাম অাৰু খেৰী প্ৰতিযোগিতাৰ অায়োজন কৰে। মুঠ ৪৫ টা দলে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে বিশিষ্ট লেখিকা ৰূপেশ্বৰী গোঁহাইয়ে। সাম্প্ৰতিক সময়ত সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কৃষ্টি নিভাজভাৱে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত প্ৰচাৰ, প্ৰসাৰ,চৰ্চা,নৱ প্ৰজন্মৰ চিন্তা চেতনাত সাংস্কৃতিক সুলভ মানসিকতাৰ বীজ ৰোপন অাৰু স্ব-গোষ্ঠীয় কলা – কৃষ্টি ,সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলাৰ মহান উদ্দেশ্য অাগত ৰাখি এই প্ৰতিযোগিতাৰ অায়োজন কৰিছে।