সৰুপথাৰ, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চুঙাজানত মঙ্গলবাৰে ভাৰতীয় জনতা পার্টিৰ চুঙাজান পঞ্চায়তৰ কাৰ্য্যকৰ্তাসকলে এক পথ নির্মাণ কার্যসূচী হাতত লয়। চুঙাজান পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পার্টিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকলে লগ-লাগি ৩নং আমগুৰিৰ পৰা ১নং গাঁও সংযোগী পথচোৱা নিৰ্মাণ কৰে । লগতে পথ নির্মাণ কার্যসূচীত অংশগ্রহণ কৰা দলৰ সকলো কাৰ্য্যকৰ্তাই কৰ্মই ধৰ্ম বুলি মুলমন্ত্ৰ হিচাপে লৈ, শাসনাধিষ্ঠিত চৰকাৰখনক সহায় কৰাৰ উদেশ্যে উক্ত পথচোৱা নির্মাণ কার্যসূচী গ্রহণ কৰা বুলি জানিবলৈ দিয়ে।