সৰুপথাৰ, সংবাদ ৩৬৫, ৩০ অক্টোবৰ: সোমবাৰে নিশা সৰুপথাৰ নগৰৰ মাজমজিয়াত ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সীমাতে থকা ” হাইজেক টেকনলজি” নামৰ মোবাইল বিপনী এখনত চোৰে চাফাই অভিযান চলায়। সোমবাৰে নিশা চোৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ ওৱালৰ ওপৰেদি উঠি হাই জেক টেকনলজি নামৰ মোবাইল বিপনীখনৰ চিলিঙ কাটি লৈ যায় প্ৰায় ৬/৭ লাখ মান টকাৰ ভিভ, অপ্প, চেমচাং আৰু ৰেডমিৰ ৩০ টাতকৈ অধিক স্মাৰ্ট ফোন । উলেখ্য যে প্ৰাঞ্জল ভৰদ্বাজ শৰ্মা নামৰ যুৱকজনৰ ঘৰৰ সন্মুখতে আছিল তেওঁৰ মোবাইলৰ বিপনীখন । সোমবাৰে নিশা মোবাইল বিপনীখনৰ স্বত্বাধিকাৰী জন ঘৰত নাছিল। তেওঁৰ পত্নী আৰু ঘৰৰ কামকৰা এজন লৰা ঘৰত আছিল। সেই সুযোগতেই চোৰে লুটি লয় যায় কেইবা লক্ষাধিক টকাৰ মোবাইল ফোন। তাৎপৰ্যপূৰ্ণ কথা এই যে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপতে আৰু সৰুপথাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত তথা সৰুপথাৰ বৰপথাৰ মুল পথৰ দাঁতিত থকা দোকানখনত নিশা চোৰে চাফাই অভিযান চলালে আৰু সৰুপথাৰ আৰক্ষীয়ে একো ভূকেই নাপালে । নিশা হলেই সৰুপথাৰ আৰক্ষীয়ে অবৈধভাৱে পাৰহোৱা অৰুনাচলী সুৰা, চুফাৰী, কয়লা, তথা শিল বালি ট্ৰাকৰ পৰা কমিচন উঠোৱাত হে ব্যস্ত হৈ পৰে। আৰু তাৰ বিপৰীতে চুৰে নিৰ্বিঘ্নে চাফাই অভিযান চলাই যায় ।