বিহপুৰীয়া, সংবাদ ৩৬৫, ১ নৱেম্বৰ: জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ আৰু লগতে নিজৰ পৰিয়ালটোক পোহ পাল দি বেটাৰী চালিত ৰিক্সা চলাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা বিহপুৰীয়া কাচিকটা বাগানৰ দেউৰী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে হৈছে মাখনী দেউৰী। দুই সন্তানৰ মাতৃ মাখনী দেউৰীৰ স্বামী বৃক্ক ৰোগত আক্ৰান্ত হৈ শয্যাগত। গতিকে পুৱা ৯-৩০ বজাত সন্তান দুটিক বিদ্যালয়লৈ পঠোৱাৰ পিছত স্বামীক আলপৈচান ধৰি ওৰেটো দিনৰ বাবে ৰিক্সাখন লৈ আৰম্ভ কৰে ৩৫ বছৰীয়া মাখনী দেউৰীৰ জীৱন- জীৱিকাৰ কঠোৰ সংগ্ৰামৰ যাত্ৰা। চাফ-চিকুণতাৰে পিন্ধনত দেউৰী সম্প্ৰদায়ৰ পৰম্পৰাগত সাজ আৰু ডিঙিত গামোচাৰে কাচিকটা-বিহপুৰীয়া মেডিকেল, নাৰায়ণপুৰ আদৰ্শ মেডিকেল আৰু কেতিয়াবা সুদুৰ ভোগপুৰলৈ যাত্ৰী অনা-নিয়া কৰি দৈনিক উপাৰ্জন কৰে ৩০০ৰ পৰা ৪০০ টকা। উল্লেখ্য যে স্বামীৰ বেমাৰৰ পাছতে দুবছৰ পূৰ্বে তেওঁ বন্ধন বেংকৰ পৰা ৮০ হাজাৰ টকা ঋণ লৈ বেটাৰীচালিত ৰিক্সা ক্ৰয় কৰিছিল। পাছত ৰিক্সাখন চলায় চলায় বেংকৰ ঋণো মাৰিছে মাখনীয়ে। দিনটো ৰিক্সা চলাই সদায় সন্ধ্যাৰ পূৰ্বে ঘৰ সোমায় মাখনীয়ে। কাৰণ ঘৰত ৰুগীয়া স্বামী আৰু দুই অধ্যয়নৰত সন্তানৰ লগতে হাঁহ, পাৰ, মুৰ্গী,গৰু, ছাগলী, গাহৰি আদি চোৱা- চিতাৰ দায়িত্ব মাখনীৰ ওপৰত। নিজৰ পৰিয়ালটোক সুন্দৰকৈ চলায় নি পোহ পাল দিয়া বিহপুৰীয়াৰ মাখনী এতিয়া বহুতৰ বাবে আদৰ্শ স্বৰূপ। বিহপুৰীয়াৰ বহু দেউৰী মহিলাৰ বাবে সাহস আৰু অনুপ্ৰেৰণাৰ উৎস মাখনী।