তামুলপুৰ, সংবাদ ৩৬৫, ১ নৱেম্বৰ: বুধবাৰৰ পৰা বাক্সা জিলাত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত বৃহস্পতিবাৰে তামুলপুৰ শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয় সমূহতো পৰিলক্ষিত হয় ব্যাপক প্ৰস্তুতি। বৃহস্পতিবাৰে তামুলপুৰ ছোৱালী হাইস্কুলত গুণোৎসৱত নিৰীক্ষকৰ ৰূপত উপস্থিত থাকে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান, পেন্সন বিভাগৰ সচিব আলোক চন্দ্ৰ চহৰীয়া৷ বৃহস্পতিবাৰে ৰাতিপুৱাই বিদ্যালয়খনত উপস্থিত হৈ তেওঁ প্ৰাৰ্থনা সভাত অংশ লৈ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা গ্ৰহণ কৰে ৷ বিদ্যালয় খনৰ শ্ৰেণীকোঠাত উপস্থিত হৈ তেওঁ ছাত্ৰী সকলৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ উপৰিও শিক্ষক,পৰিচালনা সমিতি আৰু অভিভাৱকৰ লগতো বিভিন্ন দিশত সামগ্ৰিকভাবে খা-খবৰ কৰাৰ লগতে পৰ্যালোচনা কৰা দেখা যায়। আৰু তাৰ পিছত বিষয়া গৰাকীয়ে প্ৰীতিভোজনতো অংশ গ্ৰহণ কৰে। ইপিনে একেটা শিক্ষাখণ্ডৰ সোণতোলা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ ল’লে এসময়ৰ উক্ত বিদ্যালয় খনৰ ছাত্ৰ বৰ্তমানৰ বি টি চিৰ হস্ততাত বস্ত্ৰ -শিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই ৷ উল্লেখ্য যে বাক্সা জিলাত বুধবাৰৰ পৰা ১৮৭১ খন শিক্ষানুষ্ঠানত দ্বিতীয় শ্ৰেণীৰ পৰা নৱম মান শ্ৰেনীলৈ গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ তামুলপুৰ মহকুমাত গুণোৎসৱ অনুষ্ঠিত হয় ৭১৩খন বিদ্যালয়ত।