ছয়গাও, সংবাদ ৩৬৫, ৩ জানুৱাৰী: বুধবাৰে নিশা ছয়গাও আৰক্ষীৰ এক অভিযানত উৎখাত কৰা হয় চোৰাং চাউলৰ ৰমৰমীয়া বেহা। আইনাল আলী নামৰ লোকজনে দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ৰমৰমীয়া বেহা চলাই থকাৰ সময়তে ছয়গাও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ আৰক্ষীৰ দলটোৱে নিশা প্ৰায় বাৰ বজাত আইনাল আলীৰ ঘৰত অভিযান চলায় অবৈধভাৱে মজুত ৰখা ৭৫ কুইণ্টল ৰাজহুৱা বিতৰণৰ চাউল জব্দ কৰে। জব্দকৃত চাউলখিনি ৬০বেগত ভাৰতীয় খাদ্য নিগমৰ চীল মোহৰ থকাৰ বিপৰীতে ৮৫ বেগ চাউল অইন সাধাৰণ বস্তাত পেকেট কৰা আছিল।আৰক্ষীয়ে জানিবলৈ দিয়ামতে চোৰাং ব্যৱসায়ী আইনাল আলীয়ে অঞ্চলটোৰ কোনোবা গাওঁ পঞ্চায়ত সমবায় সমিতিৰ পৰা চোৰাংভাৱে ৰাইজৰ বাবে বিতৰণ কৰিব অনা চাউল অবৈধভাৱে ক্ৰয় কৰি অইন বস্তাত পেকেট কৰি বিক্ৰী কৰি আহিছে। জানিব পৰামতে উক্ত চোৰাং চাউল বেপাৰী গৰাকীয়ে দীৰ্ঘদিন ধৰি গুমিৰ উক্ত ঘৰৰ পৰা অবৈধভাৱে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। আৰক্ষীয়ে আইনাল আলীৰ গুডামৰ পৰা চাউল ওজন কৰা সামগ্ৰীৰ লগতে বস্তা চিলাই কৰা মেচিন এটাও জব্দ কৰে। আনহাতে নিশা আৰক্ষী উপস্থিত হোৱাৰ সময়তেই চোৰাং চাউল ব্যৱসায়ী আইনাল আলী পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।