গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: হায়াত হাস্পতালৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত আয়োজিত বৃক্কৰোগৰ এমাহজোৰা পৰীক্ষা শিবিৰে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত ব্যাপক সঁহাৰি লাভ কৰিছে। হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰিছে যে শিবিৰত অংশগ্ৰহণকাৰীসকলৰ ইউৰীয়া, ক্ৰিয়েটিনিন, হিমগ্লবিন, ছুগাৰ, ইউৰিন আৰ ই, এইচ এণ্ড ডব্লিউ, বি এম আইকে ধৰি ২৫০০ টকাৰ বিনামূলীয়াকৈ পৰীক্ষা আগবঢ়োৱা হৈছে। লগতে বিশিষ্ট বৃক্কৰোগ বিশেষজ্ঞ ডাঃ প্ৰণামিতা কলিতাই চিকিৎসা পৰামৰ্শ আগবঢ়াই আছে। যোৱা ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰটো অহা ৩১ জানুৱাৰীলৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰি দত্তই কয় যে শিবিৰটোত প্ৰথম সপ্তাহতে ৩৫০তকৈও অধিক লোকে অংশ গ্ৰহণ কৰে। এমাহজোৰা শিবিৰত অংশগ্ৰহণকাৰীসকলৰ প্ৰত্যেককে পৰৱৰ্তী সময়ত ৰেহাই মূল্যত বৃক্কৰোগ পৰীক্ষাৰ বাবে একোখনকৈ কাৰ্ড আবঢোৱা হ’ব বুলি প্ৰকাশ কৰি দত্তই প্ৰসংগক্ৰমে কয় যে চিকেডি অৰ্থাৎ পুৰণি বৃক্কৰোগ সোঁচৰা নহয়, কিন্তু সচেতনতা আৰু বিভাগীয় বিশেষজ্ঞ চিকিৎসকৰ অভাৱত এই ৰোগ বিশ্বজুৰি এক সাধাৰণ সমস্যাত পৰিণত হৈছে। সেয়ে সজাগতা বৃদ্ধিৰ ঊদ্দেশ্যে এই এমাহজোৰা শিবিৰৰ আয়োজন কৰা হৈছে। সচেতনতা আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শই বৃক্কৰোগ প্ৰতিৰোধত বিশেষ ভূমিকা পালন কৰে বুলিও দত্তই সদৰী কৰে। তেওঁ এক প্ৰেছ বিজ্ঞপ্তি যোগে শিবিৰত সকলোৰে সহযোগিতা কামনা কৰে।