কলগাছিয়া, সংবাদ ৩৬৫, ২৬ জানুৱাৰী: যি সময়ত ৰাজ্যৰ মাদ্ৰাছা সমুহত মৌলবাদী আৰু জেহাদী প্ৰশিক্ষণৰ ওপৰিও স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উৎযাপন নহয় বুলি একাংশ ৰাজনৈতিক নেতাই বিভিন্ন সভা সমিতিত মন্তব্য ৰাখে, ঠিক সেই সময়তে সমগ্র দেশৰ লগতে শ্বেইখ আলাউদ্দিন মাদ্ৰাছাতুল বানাত, বিলৰটাৰী ধৰ্মীয় মাদ্ৰাছা সমুহত জাক-জমকেৰে পুৱা ৭:৩০ বজাত উৎযাপন কৰা হয় গণৰাজ্য দিৱস। মাদ্ৰাছাৰ শিক্ষক সকলৰ লগতে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জোলহাশ আলিৰ সহযোগিতাত প্ৰধান মুদাৰিছ জনাব আব্দুছ ছালাম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শনিবাৰে পুৱাৰ ভাগতে অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জিলাখনৰ বিভিন্ন ধৰ্মীয় মাদ্ৰাছাত ৭০তম গণৰাজ্য দিৱস উৎযাপন কৰা হয়। পুৱা ৮:০০ বজাত কলগাছিয়া মিফাত্তাহুল কোৰান মাদ্ৰাছাত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।