গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৬ : কাজিৰঙাত সংঘটিত হোৱা হৃদয়বিদাৰক পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi)। সংবাদ মাধ্যমৰ আগত আৰু সামাজিক মাধ্যম ‘এক্স’যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ এতিয়া কেৱল দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছে। তেওঁ কয় যে ঘাইপথ নিৰ্মাণৰ মান ইমানেই নিম্নগামী হৈছে যে ৰাজ্যখনত প্ৰতি মাহেই এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে।

বহু লোকে প্ৰাণ হেৰুওৱা দুৰ্ঘটনাটোক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি সাংসদগৰাকীয়ে কয় যে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ সদিচ্ছা থকা হ’লে এই মৰ্মান্তিক দুৰ্ঘটনাটো সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা গ’লহেঁতেন। কেৱল ব্যাপক দুৰ্নীতি, ঠিকাদাৰৰ অত্যাধিক লোভ আৰু ৰাজনীতিবিদৰ সৈতে থকা তেওঁলোকৰ গোপন মিতিৰালিৰ বাবেই আজি ৰাজ্যৰ ঘাইপথসমূহৰ এনে দুৰৱস্থা হৈছে আৰু ইয়াৰ পৰিণাম সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে বুলি গৌৰৱ গগৈয়ে ক্ষোভ উজাৰে।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে যে ভাৰত চৰকাৰে অসমৰ ৰাইজৰ পৰা কিয় টোল কৰ সংগ্ৰহ কৰি আছে, অথচ সেই অনুপাতে ৰাষ্ট্ৰীয় ঘাইপথসমূহ কিয় সঠিকভাৱে মেৰামতি কৰা নাই। অসমৰ মানুহৰ পৰা টোল সংগ্ৰহ কৰাৰ পিছতো ঘাইপথসমূহ ভালদৰে মেৰামতি নকৰাৰ বিষয়টো তেওঁ ইতিপূৰ্বে সংসদৰ মজিয়াতো বাৰম্বাৰ উত্থাপন কৰি আহিছে বুলি উল্লেখ কৰে। কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সাংসদ গৌৰৱ গগৈয়ে।