তামুলপুৰ, সংবাদ ৩৬৫, ২৬ জানুৱাৰী: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এই বেলি ২৬ জানুৱাৰী এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে দেশৰ ৭০ সংখ্যক গনৰাজ্য দিৱস উদযাপন কৰে। ২৬ জানুৱাৰীৰ দিনা পুৱা প্ৰভাত ফেৰী, নাগৰিক সকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন, ৯ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সমূহীয়া কাৰ্যসুচী আৰম্ভ হয় । কাৰ্যসুচীৰ প্ৰথমে মহাত্মাগান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীই। গণৰাজ্য দিৱস উপলক্ষ্য ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাঙ্কণ, খেলধেমালী প্ৰতিযোগিতা আৰু প্ৰগতিশীল খেতিয়কৰ পুৰষ্কাৰ বিতৰণ কৰা হয় । তামুলপুৰ মহকুমা সাংস্কৃতিক বিভাগৰ সৌজন্যত জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰাৰ লগতে আবেলি প্ৰীতি ক্ৰিকেট খেল, অনুষ্ঠিত হয় । গনৰাজ্য দিৱস কাৰ্যসূচিত বি টি চি ৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চক্ৰ বিষয়া আদিত্য গগৈ, মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, নাগ্ৰীজুলি খণ্ড উন্নয়ন বিষয়া জ্যোতিশ কাকতি, তামুলপুৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ লগতে তামুলপুৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।