তামুলপুৰ, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী: কাশ্মীৰত পুলুৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ  হেৰুওৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ চি আৰ পি এফ জোৱান বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ নগাঁও চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান এছ আৰ কে চেকেণ্ডাৰী আৰু জুনিয়ৰ কলেজে পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান। বৃহস্পতিবাৰে কলেজ খনৰ অধ্যক্ষ জাকিৰ হুচেইন ভূঞা, পৰিচালনা সমিতি মূখ্য উপদেষ্টা তথা নিউজ ৭ অসম আৰু এইছ্ ডি এছ লাইভ ২৪ অসমৰ মুখ্য সম্পাদক কাছেম আহমেদ, সভাপতি মইনুল হক, শিক্ষক হাদি হাজৰিকা আৰু জানেলিষ্ট ইউনিয়ন অৱ আসামৰ উপ-সভাপতি তথা জেষ্ঠ সাংবাদিক পলাশ ৰঞ্জন দাস সহ এটি সজাতি দলে তামুলপুৰৰ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ পঞ্চাশ হাজাৰ টকাৰ ধন ৰাশি প্ৰদান কৰে।