তামুলপুৰ, সংবাদ ৩৬৫, ২২ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত অব্যাহত আছে বিভিন্ন সমাজসেৱী, দল-সংগঠনৰ সদস্য আৰু ৰাজনৈতিক নেতাৰ আগমন। শুকুৰবাৰে এই ধাৰা অব্যাহত ৰাখি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, কাৰ্বি আংলঙ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ বিত্তমন্ত্ৰী গৰাকীয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ আদ্যশ্ৰাদ্ধৰ সম্পৰ্কেও গাঁওবাসীৰ সৈতে এক আলোচনাত মিলিত হৈ আদ্যশ্ৰাদ্ধৰ ক্ষেত্ৰ পৰ্যবেক্ষণ কৰাৰ লগতে কলবাৰীত শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ স্মৃতিসৌধ নিৰ্মান স্থলীও পৰ্যবেক্ষণ কৰে।

বিত্তমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালটোক অনাগত দিনত ৰাজ্য চৰকাৰে সন্মান সহকাৰে সকলো মৰ্যদা প্ৰদান কৰাৰ লগতে পৰিয়ালটোক স্থায়ীভাৱে কৰ্মসংস্থাপন দিয়াৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত আৰু কয় যে অসম যাতে দ্বিতীয় কাশ্মীৰ হ’ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত সকলো কাৰ্য সম্পাদন কৰি যাব। শেহতীয়াকৈ উগ্ৰপন্থী দমনৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈ আছে গতিকে অসমত যাতে উগ্ৰপন্থীৰ কাৰ্যকালাপৰ উত্থান হ’ব নোৱাৰে তাৰ প্ৰতিও অসম চৰকাৰ সদায় সচেতন হৈ থাকিব।