বাইহাটা চাৰিঅালি, সংবাদ৩৬৫, ৩ মাৰ্চ : ছ’চাইটী ফ্ৰম প্ৰমোচন অফ ইডুকেচন এণ্ড ইকনমিক ডেভেল’পমেন্ট নামৰ এটি স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰে বিহদিয়া বৰপানাৰাত স্বচ্চ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা বাইহাটা চাৰিঅালিৰ নিকটৱৰ্তী বিহদিয়া বৰপানাৰা অঞ্চলত স্বচ্ছ ভাৰত অভিযানটো মুকলি কৰি ইয়াৰ অংশ হিচাপে উল্লেখিত গাঁও সমুহৰ বাট-পথত চাফাই অভিযান ৰূপায়ণ কৰে ।

গুৱাহাটীস্থিত উক্ত স্বেচ্চাসেৱী সংগঠনটোৱে গ্ৰাম্যঞ্চলত ৰূপায়ণ কৰা এই স্বচ্চ অভিযানটোত স্থানীয় ৰাইজ আৰু ছাত্ৰ -ছাত্ৰী সকলে অঞ্চলটোৰ বাট-পথ অাদি চাফাই কৰাৰ উপৰিও ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাৰগোপাল গৰখীয়া দৌল থানলৈ যোৱা ২নং পথটিটো স্বচ্চ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে স্বেচ্চাসেৱী সংগঠনটোৰ হৈ প্ৰতিনিধিত্ব কৰে শিল্পী অজিত কুমাৰ বৰুৱাই। সংগীত শিল্পী অজিত কুমাৰ বৰুৱাই এই স্বচ্চ অভিযান কাৰ্যসূচীটো গ্ৰাম্যঞ্চলৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।