দৰঙ, সংবাদ ৩৬৫, ৩মাৰ্চ : দিন দুপৰতে দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰে কৰা আক্ৰমণৰ বলি হল এজন লোক । দৰঙৰ ধুলাত সংঘটিত নৃশংস এই হত্যাকাণ্ডই সমগ্র অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পথাৰত কাম কৰি থাকোতেই আক্ৰমণ কৰে তমিজুদ্দিন নামৰ এজন ব্যক্তিক ৭ জনীয়া দুৰ্বৃত্তৰ এটা দলে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় তমিজুদ্দিন নামৰ এজন ব্যক্তিজন ।

উক্ত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে দৰঙ জিলাৰ ২ নং মাগুৰমাৰীত । ঘটনা সংক্ৰান্তত জানিব পৰা অনুসৰি জিলাখনৰ ধুলা থানাৰ অন্তৰ্গত ২নং মাগুৰমাৰী গাওঁৰ তমিজুদ্দিনে পৰিয়ালৰ লগত মাকৈৰ খেতিত কাম কৰি থাকোতেই ৭ জনীয়া দুৰ্বৃত্তৰ দল এটা আহি চোকা অস্ত্ৰৰে তমিজুদ্দিনৰ ওপৰত আক্ৰমণ কৰে । দুৰ্বৃত্তৰ আক্ৰমণত তমিজুদ্দিনে ঘটনাস্থলীতে ঢলি পৰে আৰু পৰিয়ালৰ আন সদস্য সকলে দৌৰি গাঁওলৈ গৈ নিজৰ জীৱন ৰক্ষা কৰে ।

আনহাতে দুৰ্বৃত্তৰ দলটোৱে তমিজুদ্দিনৰ ডিঙিত হানি খুচি হত্যা কৰি পেলাই থৈ যায়। খবৰ পোৱাৰ লগে লগে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰুৱাই আৰক্ষী বাহিনীক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহতো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।