গুৱাহাটী, সংবাদ ৩৬৫,৪ মাৰ্চ :সোমবাৰৰ পৰা মহা শিৱৰাত্ৰি। ৰাজ্যৰ সমগ্ৰ জিলাতে পুৱাৰে পৰা শিৱ মন্দিৰসমূহত ভিৰ কৰিছে অগনন ভক্তই। গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্ৰম নহয়।
মহানগৰীৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰ মন্দিৰতো শিৱ পূজাৰ বিশেষ আয়োজন কৰা দেখা গ’ল। আন মঠ- মন্দিৰৰ দৰেই লংকেশ্বৰ মন্দিৰতো পুৱাৰে পৰা সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ। পুৱাৰ পৰাই শিৱ লিংগত গাখীৰ ঢালি ফুল-ধূপেৰে পূজা অৰ্চনা কৰা দেখা গ’ল ভক্তিসকলক ।
নিশালৈ পূজা অৰ্চনা অব্যাহত থাকিব এই মন্দিৰত। ইফালে এই শিৱৰাত্ৰিৰ লগতে সংগতি ৰাখি লংকেশ্বৰ মন্দিৰ পৰিচালনা সমিতিয়ে উন্মোচন কৰে” ইতিবৃত্ত “নামৰ এখন স্মৃতি গ্ৰন্থ। লংকেশ্বৰ মন্দিৰৰ ইতিবৃত্তি তথা মহত্ত্বৰ বিষয়ে উল্লেখ থাকিব গ্ৰন্থখনিত।