চন্দ্ৰপুৰ,সংবাদ৩৬৫, ৪ মাৰ্চ: চন্দ্ৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কলংপাৰৰ নিকটৱৰ্তী অঞ্চল কমাৰপুৰত প্ৰেমজনিত কাৰণত প্ৰেমিকৰ আত্মহত্যা । প্ৰেমিকাৰ ঘৰৰ আগফালে থকা গছত চিপ লৈ আত্মহত্যা কৰে প্ৰেমিকজনে।

উক্ত যুৱকজনৰ ঘৰ সোণাপুৰৰ মিটনীত। নাম বিকাশ ঠাকুৰীয়া। এগৰাকী যুৱতীৰ সৈতে সাত বছৰীয়া প্ৰেমৰ সম্পৰ্ক যুৱকজনৰ । এই জন যুৱকেই কমাৰপুৰৰ প্ৰেমিকা যুৱতীৰ ঘৰৰ সন্মুখত থকা এজোপা গছত চিপ লৈ আত্মহত্যা কৰে ।সোমবাৰে দুপৰীয়া ১২ বজাত কমাৰপুৰৰ স্থানীয় ৰাইজে বিকাশ ঠাকুৰীয়াৰ মৃতদেহটো গছত উলমি থকা প্ৰত্যেক্ষ কৰে । পাছত চন্দ্ৰপুৰ আৰক্ষীয়ে যুৱকজনৰ মৃতদেন উদ্ধাৰ কৰি লৈ যায়।

আনহাতে, মৃত্যুৰ পূৰ্বে যুৱকজনে ফেচবুকত এটা ষ্টেটাচ দি যায়। এজনী ছোৱালীৰ বাবে আত্মহত্যা কৰিব লগীয়া হৈছে বুলি ফেচবুকত উল্লেখ কৰে বিকাশ ঠাকুৰীয়াই। ফেচবুকত ছোৱালীজনীৰ সৈতে ৭ বছৰ ভালপোৱাৰ কথাও উল্লেখ কৰে ।

বিকাশ ঠাকুৰীয়াই ফেচবুকত উল্লেখ কৰা ছোৱালীজনীয়ে কয় যে তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল যদিও বিকাশ ঠাকুৰীয়াই ফেচবুকত ছোৱালীজনীৰ বিভিন্ন বেয়া ফটো আপলোড দিছিল আৰু তেতিয়াৰ পৰাই ছোৱালীজনীয়ে তেওঁৰ এনেধৰণৰ চৰিত্ৰ গম পাই ছোৱালীজনীয়ে বিকাশ ঠাকুৰীয়াৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি অহাৰ কথা কয় ।

“এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছো , সেইয়ে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰিছিলো “এই দৰে কয় ছোৱালীজনীয়ে ।

ইফালে ছোৱালীজনীৰ লগতে আত্মীয়ও ভৱা নাছিল যে বিকাশ ঠাকুৰীয়াই এনেকুৱা কাম কৰিব । আনহাতে কোনো ধৰণৰ সংঘাত নাছিল দুইজনৰ মাজত কিন্তু অশালীন ফটো দিয়া আৰু পৰীক্ষাৰ বাবেই ছোৱালীজনীয়ে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি অহাৰ কথা উল্লেখ কৰে । ইতিমধ্যে এই সন্দৰ্ভত চন্দ্ৰপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।