বকো, সংবাদ৩৬৫, ১১ মাৰ্চ : বকোৰ তাৰবাৰীত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান। উল্লেখ্য যে বকোৰ স্থানীয় ৰাইজে বহুদিনৰে পৰা অবৈধ বাংলা ইটাৰ ভাটাসমূহ বন্ধ কৰিবৰ বাবে দাৱী জনাই আহিছিল। কাৰণ ভাটাৰ নিৰ্গিত কলা ধোঁৱাই অঞ্চলটোলৈ কঢ়িয়াই আনিছিল বিপদ। গ্ৰামাঞ্চলৰ এই পৰিবেশ কুলষিত কৰাত স্থানীয় ৰাইজৰ আঙুলি উঠিছিল স্বয়ং জিলা প্ৰশাসনৰ ওপৰত ৷
অৱশেষত ৰাইজৰ প্ৰতিবাদত সেও মানিলে প্ৰশাসন ৷ অবৈধ বাংলা ইটা ভাটা উচ্ছেদ কৰিবলৈ বাধ্য হল প্ৰশাসন ৷ বকোৰ তাৰবাৰীত ৭টা অবৈধ ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰে চলাই এই অভিযান। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত এই অভিযান চলাই প্ৰায় ৩০ লাখ টকাৰ অবৈধ ইটা ধ্বংস কৰে।
জনবসতিপুৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গঞা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি । ইটা ভাটাৰ পৰা নিৰ্গত হোৱা অস্বাস্থ্যকৰ ক’লা ধোৱাই বিপৰ্যস্থ কৰি তুলিছিল স্থানীয় ৰাইজক৷ অৱশেষত স্থানীয় ৰাইজৰ প্ৰতিবাদত ইটা ভাটা উচ্ছেদ কৰিবলৈ বাধ্য হ’ল প্ৰশাসন।