গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মাৰ্চ : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পি এন আৰ ডিৰ কেলেংকাৰীৰ সন্দৰ্ভত সংবাদমেল। সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে দেখুৱালে পঞ্চায়তৰ পৰীক্ষাৰ অ’ এম আৰ শ্বীট।
সংবাদ মেলত গগৈয়ে কয় যে কেলেংকাৰী ঢাকিবৰ বাবে তদন্তৰ ঘোষণা কৰা হৈছিল। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা সোণোৱাল চৰকাৰৰ এতিয়া ভয়াৱহ দুৰ্নীতি হৈছে । ৩, ৪ আৰু ৫ মাৰ্চত বদলি কৰা হৈছিল অ’ এম আৰ শ্বীট য’ত জড়িত আছে ৩ গৰাকী বিয়াগোম ৰাজনৈতিক ব্যক্তি। যুটীয়া সঞ্চালক এছ কে লস্কৰেও নিযুক্তি দিছিল কেইবাশ প্ৰাৰ্থী, দুৰ্বল মানুহ হোৱা বাবে তদন্তৰ দায়িত্ব দিছে জিষ্ণু বৰুৱাক, তদন্তৰ পৰা কোনো ফলাফল নোলায়।
বিজেপিক পৰাভূত কৰিবলৈ মন্তব্য গগৈৰ । বিজেপিক পৰাভূত কৰাটো সকলোৰে কৰ্তব্য, বিদেশীক আনিম বুলি কোৱা দলক ভাল অসমীয়াই ভোট নিদিয়ে, অগপ আৰু বি পি এফক হৰুৱাবলৈ আমি চেষ্টা কৰিম ।
সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা অখিল গগৈৰ । হিমন্ত বিশ্বৰ বৰ্তমানৰ অৱস্থা দেখি দুখ লাগিছে । বিজেপিয়ে ৰাজহুৱাকৈ অপমান কৰিছে হিমন্ত বিশ্বক ।
আনহাতে, হৰেন সিং বে’ক প্ৰাৰ্থিত্ব দিয়াক লৈও প্ৰতিক্ৰিয়া অখিল গগৈৰ। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ নিজে অপৰাধী গতিকে হৰেন সিং বে’ক প্ৰাৰ্থীত্ব দিয়াটো তেনেই সহজ ।